অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ বিগত কেইদিনমানৰ উৎকণ্ঠা আৰু আশংকাৰ পাছত বুধবাৰে মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলত সর্বশক্তিৰে ভূপতিত হয় সামুদ্ৰিক ঘূর্ণী বতাহ ‘নিসর্গ’৷ মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইৰ পৰা ৯৫ কিলোমিটাৰ নিলগৰ আলিবাগ জিলাত দিনৰ ১২.৩০ বজাত ভূপতিত হয় ‘নিসর্গ’৷ ‘নিসর্গ’ৰ ফলত বিস্তৰ ক্ষয়-ক্ষতিৰ সন্মুখীন হয় আলিবাগ৷
আলিবাগৰ উপৰি মুম্বাই, থানে আৰু নবীমুম্বাইৰ বিস্তৃর্ণ অঞ্চলো বিধ্বস্ত হয় সামুদ্ৰিক ঘূর্ণী বতাহত৷ বহু ঘৰ ভাগে, গছ-গছনি আৰু বিদ্যুতৰ খুঁটা উভালি পৰে৷ কেবাঠাইতো প্ৰকাণ্ড গছ বাগৰি পৰাত বহু বাহন ক্ষতিগ্ৰস্ত হয়৷ বেনাৰ-হর্ডিং আদিও উৰুৱাই নিয়ে৷ বতাহৰ সমান্তৰালভাৱে প্ৰৱল বৃষ্টিপাতে ব্যাহত কৰে স্বাভাৱিক জীৱনযাত্ৰা৷ কিন্তু বিয়লিৰ ভাগত ধুমুহাৰ গতি হ্ৰাস পায়৷ ইপিনে আশংকা কৰা ধৰণে ব্যাপক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰে চুবুৰীয়া ৰাজ্য গুজৰাট৷ আগলি বতৰা লাভ কৰি মহাৰাষ্ট্ৰ আৰু গুজৰাট চৰকাৰে লোৱা সতর্কতামূলক ব্যৱস্থাৰ বাবে ক্ষয়-ক্ষতিৰ পৰিমাণ বহুলাংশে হ্ৰাস পায়৷ অৱশ্যে কেন্দ্ৰীয় আৰু ৰাজ্যিক দুর্যোগ প্ৰশমন বিভাগ এই পর্যন্ত উদ্ধাৰ কার্যত তৎপৰ হৈ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ