• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

4 months ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

3 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

3 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

3 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

4 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

5 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

7 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

7 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

8 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

9 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

10 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ICCৰ অধ্যক্ষ জয় শ্বাহলৈ CTIৰ দাবী

editor by editor
July 6, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ
0
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!
0
SHARES
58
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰিকেট মেচৰ লাইভ সম্প্ৰচাৰৰ মাজত ‘প্ৰাপ্তবয়স্ক’ শ্ৰেণীৰ বিজ্ঞাপনৰ সম্প্ৰচাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে চেম্বাৰ অব ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী (CTI)-এ। সংগঠনটোৱে এই সন্দৰ্ভত ICCৰ অধ্যক্ষ জয় শ্বাহলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি বিশেষকৈ পৰিয়ালৰ সকলো সদস্যই একেলগে মেচ এখন উপভোগ কৰা সময়ত ক*ণ্ডম, ডেটিং এপ আৰু অন্যান্য প্ৰাপ্তবয়স্ক শ্ৰেণীৰ বিজ্ঞাপন সম্প্ৰচাৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপৰ আহ্বান জনাইছে। CTIৰ অধ্যক্ষ ব্ৰিজেশ গয়েলে পত্ৰখনত উল্লেখ কৰে যে বিগত ৪ জুলাইত ইংলেণ্ডৰ মেনচেষ্টাৰৰ অ’ল্ড ট্ৰেফ’ৰ্ডত অনুষ্ঠিত ভাৰত–ইংলেণ্ড দ্বিতীয় টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলখনৰ অভাৰৰ মাজত এটা বিশেষ কোম্পানীৰ ক*ণ্ডমৰ বিজ্ঞাপন সম্প্ৰচাৰ কৰা হৈছিল। ভাৰতৰ প্ৰতিখন মেচেই দেশৰ কোটি কোটি পৰিয়ালে একেলগে উপভোগ কৰে, তেনে সময়ত এনেধৰণৰ প্ৰাপ্তবয়স্ক শ্ৰেণীৰ বিজ্ঞাপনে পৰিয়ালসমূহৰ মাজত অস্বস্তিৰ সৃষ্টি কৰে।

CTIৰ কি দাবী?

সংগঠনটোৱে দাবী কৰিছে যে ভাৰতত প্ৰায় ৪৪ কোটি লোকে ক্ৰিকেট উপভোগ কৰে, যাৰ ভিতৰত ১৬ বছৰৰ তলৰ অসংখ্য শিশু আৰু কিশোৰো আছে। এনে পৰিস্থিতিত ক*ণ্ডম, ডেটিং এপ বা এনে ধৰণৰ এডাল্ট বিষয়বস্তুসম্পৰ্কীয় বিজ্ঞাপন সম্প্ৰচাৰ কৰিলে শিশুসকলৰ মনত বিভিন্ন প্ৰশ্নৰ উদ্ভৱ হয় আৰু অভিভাৱকসকলৰ বাবে অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ব্যক্তিগত অভিজ্ঞতাৰ কথাও পত্ৰখনত উল্লেখ কৰি ব্ৰিজেশ গয়েলে কয় যে-খেলখন চোৱাৰ সময়ত তেওঁৰ ১৩ বছৰীয়া পুত্ৰই ক*ণ্ডমৰ বিজ্ঞাপন দেখি ইয়াৰ বিষয়ে বিভিন্ন প্ৰশ্ন সোধে। সেই মুহূৰ্তত তেওঁ অস্বস্তিত পৰে। তেওঁৰ বিশ্বাস, দেশজুৰি বহু অভিভাৱকে একেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে। CTI-এ ICCৰ ওচৰত দাবী জনাইছে যে সন্ধিয়া ৭ বজাৰ পৰা নিশা ১১ বজালৈকে ‘ফেমিলি ভিউইং টাইম’ হিচাপে ধৰি এই সময়ছোৱাত সম্প্ৰচাৰিত সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত ক*ণ্ডম, ডেটিং এপ আৰু অন্যান্য এডাল্ট শ্ৰেণীৰ বিজ্ঞাপন সম্প্ৰচাৰত স্পষ্টভাৱে নিষেধাজ্ঞা আৰোপ কৰা হওক।

লগতে BCCI আৰু ICCৰ অধীনস্থ সকলো সদস্য ক্ৰিকেট ব’ৰ্ডে সম্প্ৰচাৰকাৰী সংস্থাসমূহৰ সৈতে হোৱা চুক্তিত ‘ফেমিলি ভিউইং কোড’ বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰাৰো দাবী জনোৱা হৈছে। ইয়াৰ উপৰিও সংগঠনটোৱে দাবী কৰিছে যে, ভৱিষ্যতেও যদি এনে বিজ্ঞাপন সম্প্ৰচাৰ কৰা হয়, তেন্তে সংশ্লিষ্ট সম্প্ৰচাৰকাৰী সংস্থা আৰু ক্ৰিকেট ব’ৰ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চিটিআইৰ মতে, যিদৰে দেশত মাদকদ্ৰব্যৰ বিজ্ঞাপনত কঠোৰ নিয়ন্ত্ৰণ আছে, তেন্তে একেধৰণে এডাল্ট শ্ৰেণীৰ বিজ্ঞাপনকো পৰিয়ালৰ বাবে উপযোগী সময়ছোৱাত অনুমতি দিয়া উচিত নহয়।

চিটিআইয়ে আইচিচি অধ্যক্ষ জয় শ্বাহক আহ্বান জনাইছে যে, এই বিষয়টোক আগন্তুক আইচিচি ব’ৰ্ড বৈঠকৰ অগ্ৰাধিকাৰমূলক আলোচ্য বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হওক। লগতে শিশুসকলৰ মানসিক স্বাস্থ্য আৰু পৰিয়ালমুখী দৰ্শন-সংস্কৃতিৰ স্বাৰ্থত ৩০ দিনৰ ভিতৰত এক স্পষ্ট নীতি প্ৰস্তুত কৰাৰ দাবী জনোৱা হৈছে। সংগঠনটোৱে লগতে স্পষ্ট কৰি দিছে যে, প্ৰয়োজন হ’লে এই বিষয়টো সংসদ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সন্মুখতো উত্থাপন কৰা হ’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক
বাণিজ্য

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

October 24, 2026
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?
জীৱনশৈলী

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

October 24, 2026
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

October 24, 2026
Next Post
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.