• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

3 months ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

2 minutes ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

40 minutes ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

1 hour ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

1 hour ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

4 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

4 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

13 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

13 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক মেক্সিকোৰ এখন চহৰৰ মেয়ৰে বিয়া পাতিলে এটা ঘঁৰিয়ালক

editor by editor
July 6, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
0
SHARES
418
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন ধুনীয়া বিৱাহৰ পৰিৱেশ কল্পনা কৰক। চাৰিওফালে সংগীত বাজি আছে, বিৱাহত উপস্থিত অতিথিসকলে আনন্দত নাচি আছে। এই পৰিৱেশৰ মাজতে যি চহৰত এই বিৱাহ সম্পন্ন হৈছে সেই চহৰৰ মেয়ৰজনে দৰাৰ সাজত নিজৰ হ’বলগীয়া কইনাৰ অপেক্ষাত ৰৈ আছে। দৰাৰ অধীৰ অপেক্ষাৰ অন্ত পেলায় এসময়ত ৰভাথলীৰ সেই নিৰ্দিষ্টস্থানলৈ অনা হ’ল কইনাক। চহৰখনৰ মেয়ৰৰ নতুন কইনাজনীৰ আঁৰ কাপোৰ আঁতৰাই অতিথিসকলে দেখিলে কইনাৰ ৰূপত সেয়া এটা ঘঁৰিয়াল। শুনিবলৈ অদ্ভুত লাগিলেও, এয়া একেবাৰে সত্য ঘটনা। মেক্সিকোৰ ওআছাকাৰ এখন সৰু চহৰ ছান পেদ্ৰো হুৱামেলুলাৰ ঘটনা। দৰাচলতে প্ৰতি বছৰে এনে এক অনন্য বিৱাহ পৰম্পৰাগতভাবে পালন কৰা হয়, যাৰ ভিডিঅ’বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কিন্তু স্বাভাৱিকতে আপোনাৰ মনতো প্ৰশ্ন উঠিব চহৰখনৰ মেয়ৰে কিয় এনেকৈ ঘঁৰিয়ালৰ সৈতে বিয়াত বহে?

ঘঁৰিয়ালৰ সৈতে বিৱাহপাশত আৱদ্ধ হোৱাৰ কাৰণ কি?

এই অদ্ভুত বিৱাহখন ভাইৰেল হ’লেও এয়া কোনো প্ৰচাৰ কৌশলৰ বাবে কৰা কাহিনী বা ঘটনা নহয়, বৰং অঞ্চলটোৰ ২৩০ বছৰৰো অধিক পুৰণি এক পৱিত্ৰ আদিবাসী পৰম্পৰা। চলিত বছৰত চহৰখনৰ মেয়ৰ ডেনিয়েল গুটিয়েৰেজে এনা চিন্থিয়া ৰামিৰেজ আহুমাদা নামৰ এটা ঘঁৰিয়ালৰ সৈতে সম্পূৰ্ণ ৰীতি-নীতি অনুসৰি এই বিৱাহ সম্পন্ন কৰে। স্থানীয় বিশ্বাস অনুসৰি এই বিৱাহৰ উদ্দেশ্য হৈছে প্ৰকৃতি আৰু ধৰিত্ৰী মাতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। তেওঁলোকৰ ধাৰণা মতে এই প্ৰতীকী বিৱাহৰ ফলত প্ৰকৃতি সন্তুষ্ট হয়, ভাল বৰষুণ হয়, খেতি-শস্য ভাল হয় আৰু মাছমৰীয়াসকলে সাগৰৰ পৰা প্ৰচুৰ মাছ পায়। অৰ্থাৎ এই পৰম্পৰা মানৱ আৰু প্ৰকৃতিৰ মাজত সমন্বয় স্থাপন কৰি সমৃদ্ধি আনি দিয়া এক অনন্য সাংস্কৃতিক বিশ্বাস।

এই নিয়মৰ আঁৰত আছে পুৰণি লোককথা

এই ৰীতিটোৰ আঁৰত আছে এটা পুৰণি লোককথা। প্ৰবাদ অনুসৰি বহু শতিকা আগতে চণ্টাল আৰু হুৱাভে নামৰ দুটা আদিবাসী গোষ্ঠীৰ মাজত ভয়ংকৰ শত্রুতা আছিল। সেই সংঘাত শেষ কৰিবলৈ চণ্টাল ৰজা আৰু হুৱাভে ৰাজকুমাৰীৰ বিবাহ সম্পন্ন হৈছিল, যাৰ ফলত দুয়ো গোষ্ঠীৰ মাজত শান্তি স্থাপন হয়। বৰ্তমান সময়ত মেয়ৰজন চণ্টাল ৰজাৰ প্ৰতিনিধি হিচাপে গণ্য হয় আৰু ঘঁৰিয়াল কইনাক হুৱাভে ৰাজকুমাৰীৰ প্ৰতীক হিচাপে গণ্য কৰে। সেইবাবে এই বিৱাহ কেৱল এক ৰীতি নহয়, বৰং দুই সংস্কৃতিৰ ঐক্য আৰু শান্তিৰো প্ৰতীক।

এই পৰম্পৰাগত বিৱাহৰ নিয়ম

বিৱাহৰ দিনটোত এই ঘঁৰিয়াল কইনাক ৰাজকুমাৰীৰ দৰে সজোৱা হয়। বিৱাহৰ বগা পোছাক পিন্ধোৱা হয়, ফুল আৰু ৰঙীন ফিতা লগাই সাজ-পৰাই তোলা হয়। বেণ্ড-বাজানাৰ সৈতে সমগ্ৰ চহৰ ঘূৰাই অনা হয় আৰু লোকসকলে আনন্দমনে নাচি-গাই বিৱাহৰ দিনটো উদযাপন কৰে। জন্তুটোৰ সুৰক্ষাৰ বাবে ইয়াৰ মুখ অংশত সাৱধানে ৰছীৰে বন্ধোৱা হয় যাতে কোনো দুৰ্ঘটনা নহয়। এই বিৱাহৰ আটাইতকৈ আকৰ্ষণীয় মুহূৰ্তটো হয় শেষৰ অংশত, যেতিয়া চহৰখনৰ মেয়ৰে তেওঁৰ কইনাক চুমা দিয়ে। সামাজিক মাধ্যমত এই দৃশ্যৰ ছবি আৰু ভিডিঅ’ বহুলভাৱে ভাইৰেল হৈছে। স্থানীয় লোকসকলৰ বাবে এই চুমা কেৱল এক ৰীতি নহয়, বৰং প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰতিজ্ঞাৰ প্ৰতীক।
এই প্ৰতিবেদনটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24crocodile
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
Next Post
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.