অসম লাইভ ২৪ঃ আজিৰে পৰা ৰাজ্যত no vaccine, no entry। কোভিড ভেকচিন নোলোৱা লোকৰ বাবে কেতবোৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। হাস্পতালত বাহিৰে যিকোনো চৰকাৰী আৰু ৰাজহুৱা স্থানত প্ৰৱেশত বাধা আৰোপ কৰিছে চৰকাৰে। কোভিডৰ দুয়ো পালি ভেকচিন গ্ৰহণ নকৰিলে প্ৰৱেশ কৰিব নোৱাৰিব হোটেল, মল আদিতো। আনকি ভেকচিন নল’লে চৰকাৰী হাস্পতালতো নাপাব বিনামূলীয়া চিকিৎসাৰ সুবিধা। কাৰ্যালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হ’ব। কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে ভেকচিন নোলোৱা লোকক প্ৰৱেশ কৰিবলৈ দিলে ভৰিব লাগিব ২৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ