অসম লাইভ ২৪ঃ আজি ঘোষণা কৰা হ’ল সাহিত্যৰ নোবেল বঁটা৷ টানজানিয়াৰ ঔপন্যাসিক আব্দুল ৰজক গোৰনাহে লাভ কৰিছে সৰ্বোচ্চ সন্মান ২০২১ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা৷ ‘uncompromising and compassionate penetration of the effects of colonialism’ বিষয়ত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ঔপন্যাসিকগৰাকীলৈ আগবঢ়োৱা হয় এই সন্মান৷ কেণ্ট ইউনিভাৰচিটিৰ ইংৰাজী আৰু উত্তৰ ঔপনিবেশিক সাহিত্যৰ অধ্যাপক আছিল আব্দুল ৰজক গোৰনাহ৷ বৰ্তমানলৈকে ১০খন উপন্যাস প্ৰকাশ কৰিছে আব্দুল ৰজক গোৰনাহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ