• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

1 month ago
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

26 minutes ago
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

1 hour ago
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

2 hours ago
মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

3 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

3 hours ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

16 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

16 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

17 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

17 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

18 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

18 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

১১৫ কোটি বেৰেল তেলৰ অংক মিলোৱা সহজ নহয়

editor by editor
June 20, 2026
in প্ৰযুক্তি, বাণিজ্য, বিবিধ, বিশ্ব, লেখা
0
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!
0
SHARES
322
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ পাছতে হৰ্মুজ প্ৰণালী পুনৰ মুকলি হৈছে। হৰ্মুজ প্ৰণালী পুনৰ মুকলি কৰিলেও তেল সংকটৰ পৰা সমগ্ৰ বিশ্ব সোনকালেই মুক্ত হোৱাৰ কোনো সম্ভাৱনা নাই। এই ক্ষেত্ৰত কাম কৰা বিশ্লেষণ সংস্থা কেপলাৰ(Kpler)ৰ এক প্ৰতিবেদন অনুসৰি, যুদ্ধ চলি থকা প্ৰায় ৪ মাহৰ ভিতৰত বিশ্বৰ তেলৰ বজাৰৰ পৰা প্ৰায় ১১৫ কোটি বেৰেল খাৰুৱা তেলৰ যোগানত খেলিমেলি হৈছে। ইয়াৰ প্ৰভাৱ অনাগত কেইবামাহ ধৰি অব্যাহত থাকিব পাৰে। প্ৰতিবেদনখনত কোৱা হৈছে যে যুদ্ধকালত মধ্যপ্ৰাচ্যৰ পৰা তেলৰ যোগান প্ৰায় সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। ফলস্বৰূপে পৃথিৱীৰ কৌশলগত আৰু বাণিজ্যিক তেল ভাণ্ডাৰ দ্ৰুতগতিত হ্ৰাস পাইছে। বিগত কেইমাহমানত মুঠ ১৯ কোটি বেৰেল তেল সংৰক্ষিত ভাণ্ডাৰৰ পৰা ব্যৱহাৰ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থা (IEA)ৰ কৌশলগত তেল ভাণ্ডাৰ ১৯৯০ চনৰ পাছত এয়া সৰ্বনিম্ন স্তৰলৈ নামি আহিছে। আনহাতে, আমেৰিকাৰ জৰুৰীকালীন তেল ভাণ্ডাৰো বিগত ৪৩ বছৰৰ ভিতৰত আটাইতকৈ নিম্ন স্তৰত উপনীত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বুধবাৰে ভাৰ্চাইলত অনুষ্ঠিত G7 বৈঠকত কয় যে,-যদি যুদ্ধৰ সমাপ্তি নহ’লহেঁতেন, তেন্তে আমাৰ তেল ভাণ্ডাৰ প্ৰায় চাৰি সপ্তাহৰ ভিতৰতে শেষ হৈ গ’লহেঁতেন।

যুদ্ধবিৰতিৰ পাছত তেলৰ মূল্য হ্ৰাস

আমেৰিকা-ইৰানৰ বুজাবুজি চুক্তিৰ পাছতে বিশ্ব তেল বজাৰে কিছু সকাহ লাভ কৰিছে। যুদ্ধ চলি থকা সময়ত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১২৬ ডলাৰলৈকে বৃদ্ধি পাইছিল। বৰ্তমান ইয়াৰ মূল্য ৮০ ডলাৰৰ তললৈ নামি আহিছে। কিন্তু বিশেষজ্ঞসকলৰ মতে, কেৱল মূল্য হ্ৰাস পোৱাটোৱেই সম্পূৰ্ণ পৰিস্থিতিক প্ৰতিফলিত নকৰে। হৰ্মুজ প্ৰণালী পুনৰ মুকলি হ’লেও তেলৰ যোগান তৎক্ষণাত স্বাভাৱিক অৱস্থালৈ ঘূৰি নাহিব। প্ৰথমে সমুদ্ৰ পথত পুতি ৰখা বাৰুদী সুৰংগ (Mine) আঁতৰাব লাগিব। তাৰ পাছত খালী টেংকাৰসমূহ পুনৰ ঘূৰাই অনা, উৎপাদন বৃদ্ধি কৰা আৰু সমগ্ৰ যোগান শৃংখল (Supply Chain) স্বাভাৱিক অৱস্থালৈ অনাৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব। তেল উদ্যোগৰ বিশেষজ্ঞসকলৰ মতে, সমগ্ৰ ব্যৱস্থা সম্পূৰ্ণ স্বাভাৱিক হ’বলৈ কেইবামাহ লাগিব পাৰে। তেতিয়ালৈকে বিশ্বই বৰ্তমানৰ তেল ভাণ্ডাৰৰ ওপৰতেই নিৰ্ভৰ কৰিব লাগিব।

বহু বিশেষজ্ঞই এতিয়াও সকাহৰ আশা দেখিছে

Infrastructure Capital Advisors-ৰ CEO জে হেটফিল্ডৰ মতে, আৰ্থিক সংকটত ভুগি থকা OPECৰ বহু সদস্য দেশ তেল উৎপাদন বৃদ্ধি কৰিবলৈ সাজু হৈ আছে। ইয়াৰ ফলত বজাৰত অতিৰিক্ত যোগান আহিব আৰু মূল্যৰ ওপৰত চাপ সৃষ্টি হ’ব পাৰে। Macquarie Group-ৰ গ্ল’বেল অইল এণ্ড গেছ কৌশলবিদ বিকাশ দ্বিবেদীয়ে কয় যে-যুদ্ধ আৰম্ভ হোৱাৰ আগতেই বিশ্ব বজাৰত যথেষ্ট তেল ভাণ্ডাৰ আছিল। সেইকাৰণেই ইমান বৃহৎ পৰিমাণৰ যোগান ব্যাহত হ’লেও বজাৰ সম্পূৰ্ণৰূপে অস্থিৰ হৈ পৰা নাছিল। তেওঁ আৰু কয় যে-আমেৰিকাত ডিজেল আৰু পেট্ৰ’লৰ ভাণ্ডাৰ কিছু হ্ৰাস পাইছে যদিও পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত আছে। সংকটৰ সময়ত শোধনাগাৰসমূহে (Refineries) তেল ক্ৰয় কৰিবলৈ বহু উৎসৰ সৈতে যোগাযোগ কৰিবলগীয়া হৈছিল। কিন্তু অহা কেইসপ্তাহত পৰিস্থিতি সলনি হ’ব পাৰে আৰু তেল বিক্ৰেতাসকলেই ক্ৰেতাসকলৰ ওচৰলৈ যাব পাৰে।

১১৫ কোটি বেৰেল তেলৰ অংক মিলোৱা সহজ নহয়

বিশেষজ্ঞসকলৰ মতে, যুদ্ধকালত হেৰাই যোৱা ১১৫ কোটি বেৰেল তেলৰ নাটনি পূৰণ কৰাটো সহজ কাম নহয়। যদি বিশ্বই প্ৰতিদিনে চাহিদাতকৈ ৫০ লাখ বেৰেল অধিক তেল উৎপাদন কৰে, তথাপিও এই নাটনি পূৰণ কৰিবলৈ প্ৰায় এবছৰ সময় লাগিব। বিশ্বত দৈনিক ১০.৩ কোটি বেৰেল তেল উৎপাদন হয়। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থা (IEA) আৰু আমেৰিকাৰ শক্তি তথ্য প্ৰশাসন (EIA)-ৰ তথ্য অনুসৰি, বৰ্তমান বিশ্বত গড়ে প্ৰতিদিনে ১০.৩ কোটি বেৰেল কেঁচা তেল উৎপাদন হয়। অৰ্থাৎ, প্ৰতিমাহে প্ৰায় ৩০৯ কোটি বেৰেল আৰু বছৰি প্ৰায় ৩,৭৬০ কোটি বেৰেল তেল উৎপাদিত হয়। আমেৰিকা বিশ্বৰ সৰ্ববৃহৎ তেল উৎপাদক দেশ আৰু আমেৰিকাই অকলেই বিশ্বৰ মুঠ তেল উৎপাদনৰ প্ৰায় ১৩ শতাংশ যোগান ধৰে। ইয়াৰ পাছতেই ছৌদি আৰব, ৰাছিয়া, কানাডা আৰু ইৰাকৰ স্থান।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Crude oil
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি
জীৱনশৈলী

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

July 31, 2026
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম
জীৱনশৈলী

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

July 31, 2026
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা
অসম

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

July 31, 2026
মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!
বিশ্ব

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

July 31, 2026
Next Post
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

'ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে'- ভৰত এছ শ্ৰীনেট

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.