• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

3 months ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

3 minutes ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

2 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

3 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

3 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

3 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

4 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

4 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

18 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

18 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

18 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

19 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘কালা হিৰণ: দ্য বেটল ফৰ লেগেচি’ ছবিৰ মুক্তি স্থগিতৰ দাবীক লৈ ক্ষুব্ধ পৰিচালক শ্ৰীনেট

editor by editor
June 20, 2026
in অপৰাধ, চিনেমা, বিনোদন, ভাৰত
0
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
0
SHARES
720
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘কালা হিৰণ: দ্য বেটল ফৰ লেগেচি’ চলচ্চিত্ৰখন ঘোষণা হোৱাৰ পাছৰে পৰা বিভিন্ন বিতৰ্কৰ মাজত সোমাই আছে। ছবিখনৰ মূল চৰিত্ৰ আৰু কাহিনীত অভিনেতা ছলমান খানৰ ১৯৯৮ চনৰ ক’লা হৰিণ চিকাৰ গোচৰৰ সৈতে মিল থকা বুলি অভিযোগ উত্থাপিত হৈছে। আনকি ছবিৰ পোষ্টাৰত অভিনেতাজনক ছলমান খানে পিন্ধা ব্ৰেচলেটৰ দৰে ব্ৰেচলেট পিন্ধা অৱস্থাতো দেখুওৱা হৈছে। পোষ্টাৰ মুকলি হোৱাৰ লগে লগে ছলমান খানে চলচ্চিত্ৰখনৰ মুক্তি বন্ধ কৰাৰ দাবীৰে নিৰ্মাতাসকলৰ বিৰুদ্ধে আদালতত আবেদন দাখিল কৰে। ইয়াৰ মাজতে ছবিখনৰ প্ৰযোজক অমিত জানীয়ে দাবী কৰিছে যে তেওঁ অবিৰতভাৱে বিভিন্ন পক্ষৰ পৰা ভাবুকি লাভ কৰি আছে। এই সন্দৰ্ভত ছবিখনৰ পৰিচালক ভৰত এছ শ্ৰীনেটে কয় যে-চলচ্চিত্ৰখন ছলমান খানক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হোৱা নাই। তেওঁ কয়, ‘ছলমান ভগৱান নহয় আৰু তেওঁ মোৰ কোনো গডফাদাৰো নহয়। তেওঁ মোক ৰখাবও নোৱাৰে।’

ছবিখনৰ নায়কৰ ব্ৰেচলেটক লৈ উত্থাপন হৈছে অভিযোগ

ছবিখনৰ নায়কে পিদ্ধা ব্ৰেচলেট সন্দৰ্ভত ছবিখনৰ পৰিচালক ভৰত এছ শ্ৰীনেটে কয়—’এই ব্ৰেচলেট কোনো পেটেণ্ট কৰা বস্তু নহয়। যদি ছলমান খানৰ ধাৰণা যে কেৱল তেওঁহে এই ব্ৰেচলেট পিন্ধিব পাৰে, তেন্তে তেওঁ ইয়াৰ পেটেণ্ট কৰাব লাগে। তেতিয়া পৃথিৱীৰ আন কোনো ঠাইত এই ব্ৰেচলেট উপলব্ধ হ’ব নালাগে। মই একেবাৰেই মানি নলওঁ যে এই চলচ্চিত্ৰ বা ইয়াৰ চৰিত্ৰ ছলমান খানৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। আমাৰ চৰিত্ৰ ছলমান খানৰ নহয়।’ তেওঁ আৰু কয় যে-ছবিৰ অভিনেতা আৰু ছলমান খানৰ মাজত দেখা পোৱা সাদৃশ্য কেৱল এক সংযোগমাত্ৰ, ইচ্ছাকৃতভাৱে সৃষ্টি কৰা হোৱা নাই। তেওঁ লগতে কয়—’মই তেওঁৰ মুখমণ্ডল সলনি কৰিব নোৱাৰো বা আন কাৰোবাৰ দৰে দেখুৱাবলৈ প্ৰস্থেটিক্স ব্যৱহাৰো কৰিব নোৱাৰো। যদি কোনোবাই ইয়াক লৈ আপত্তি কৰে, তেন্তে মই তাত কি ক’ব পাৰো?’

‘ছলমান মোক ৰখাব নোৱাৰে’

চলচ্চিত্ৰখনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ খবৰক লৈ হতাশা প্ৰকাশ কৰি পৰিচালক শ্ৰীনেটে কয়— ছলমান খান ভগৱান নহয়। তেওঁ মোৰ গডফাদাৰো নহয়। তেওঁ মোৰ কেৰিয়াৰ গঢ়ি দিব বা ধ্বংস কৰিব নোৱাৰে। মোকো ৰখাব নোৱাৰে। তেওঁ লগতে আৰু কয়— ‘এখন চলচ্চিত্ৰৰ প্ৰভাৱ আৰু গুৰুত্ব শেষত দৰ্শকেই নিৰ্ধাৰণ কৰে। এই ছবিখন নিৰ্মাণত বহু লোকৰ কঠোৰ পৰিশ্ৰম জড়িত আছে। এনে সময়তে হঠাতে আইনী নোটিচ পোৱা আৰু ছবিৰ মুক্তি বন্ধ কৰাৰ চেষ্টা কৰাটো স্বাভাৱিকতে বেদনাদায়ক।’

অন্তৱৰ্তীকালীন স্থগিতাদেশ দিবলৈ অস্বীকাৰ আদালতৰ

ইপিনে দিল্লী উচ্চ ন্যায়ালয়ে ছলমান খানৰ আবেদনৰ ভিত্তিত তাৎক্ষণিকভাৱে ছবিখনৰ মুক্তিৰ ওপৰত কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে। এক সূত্ৰ অনুসৰি ন্যায়াধীশ মধু জৈনৰ বিচাৰপীঠে ছলমান খানৰ আইনী দলক নিৰ্দেশ দিয়ে যে তেওঁলোকে গোচৰ-সংক্ৰান্ত সকলো নথিপত্ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক প্ৰদান কৰিব, যাতে তেওঁলোকে নিজৰ উত্তৰ প্ৰস্তুত কৰিব পাৰে। উক্ত গোচৰৰ পৰৱৰ্তী শুনানি ১ জুলাইত সম্পন্ন হ’ব।

প্ৰযোজকলৈ হত্যাৰ ভাবুকি, গোচৰ ৰুজু

‘কালা হিৰণ: দ্য বেটল ফৰ লেগেচি’ ছবিখনৰ প্ৰযোজক অমিত জানীয়ে অভিযোগ কৰিছে যে পাকিস্তানৰ ফোন নম্বৰৰ পৰা তেওঁক হত্যাৰ ভাবুকি দিয়া হৈছে। তেওঁৰ দাবী অনুসৰি, এই ভাবুকিসমূহ ছলমান খানৰ নিৰ্দেশতে দিয়া হৈছে। এই সন্দৰ্ভত বৃহস্পতিবাৰে যোধপুৰৰ ৰাতানাডা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে। ঘটনা সন্দৰ্ভত প্ৰযোজক অমিত জানীয়ে কয়-‘বিগত দুবছৰ ধৰি মোক ডিঙি কাটি হত্যা কৰা, ঘৰ উৰুৱাই দিয়া আৰু পেট্ৰ’ল বোমা ব্যৱহাৰ কৰি আক্ৰমণ কৰাৰ ভাবুকি দি আহিছে। মই কোনো গেঙৰ সদস্য নহয়। মোৰ চলচ্চিত্ৰৰ বিষয়বস্তু সন্ত্রাসবাদ আৰু অপৰাধ-সংক্ৰান্ত। মই কেৱল প্ৰেমৰ গান বা ৰোমাণ্টিক চলচ্চিত্ৰ বনাই নাথাকো।’

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?
ভাৰত

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

October 2, 2026
Next Post
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: 'চুপা চুপি'ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.