অসম লাইভ ২৪ঃ এগৰাকী বৃদ্ধা৷ বয়স তেওঁৰ ৭৫ বছৰ৷ কিন্তু এতিয়াও বয়সে হাৰ মনাব নোৱাৰাকৈ স্বাস্থ্যৱান আৰু নিৰোগী কুসুমাৱতী দেৱী৷ সম্প্ৰতি তেওঁ অতি চৰ্চিত এগৰাকী মহিলা৷ চৰ্চাত তেওঁ গ্ৰহণ কৰা খাদ্য৷ উত্তৰ প্ৰদেশৰ বাৰানসীৰ বাসিন্দা কুসুমাৱতী দেৱীয়ে প্ৰায় ৬০ বছৰ ধৰি খাই আহিছে বালি৷ প্ৰতিদিনে কমেও আধা কেজি বালি খাই বৃদ্ধাগৰাকীয়ে৷ প্ৰথমে চিকিৎসকৰ পৰামৰ্শমতে বেতৰ ছাই খোৱা আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত বালি গ্ৰহণ কৰিবলৈ লয় কুসুমাৱতীয়ে৷ পুৱা আহাৰ গ্ৰহণ নকৰিলেও সময়মতে কিন্তু বালি খাই তেওঁ৷ আৰু বিশেষভাৱে গংগাৰ পাৰৰ বালি গ্ৰহণ কৰে তেওঁ৷ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে কুসুমাৱতী দেৱীৰ এটি বিশেষ ভিডিঅ’৷ ভিডিঅ’টোত তেওঁ প্ৰকাশ কৰা অনুসৰি সুস্বাস্থ্যৰ বাবে বালিক খাদ্যৰূপে গ্ৰহণ কৰে তেওঁ৷ সেইবাবেই তেওঁ আজি চৰ্চিত৷
Click Here for more:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ