আনুষ্ঠানিকভাৱে আজিৰ পৰা আৰম্ভ হৈছে অলিম্পিক৷ শ্যেন নদীত ৯৮ খন নৌকাত ১০ হাজাৰ প্ৰতিযোগীক লৈ উদ্বোধন কৰা হ’ল অলিম্পিকৰ৷ মুঠ ৬ কিঃমিঃ নদীপথত বিভিন্ন দেশৰ প্ৰতিযোগীসকলে শোভাযাত্ৰা কৰিব৷ প্ৰথা মানি উদ্বোধনী অনুষ্ঠানৰ দিনা কোনো খেল আজি অনুষ্ঠিত নহয়৷
প্ৰথমবাৰ নদীত অলিম্পিকৰ উদ্বোধন
আজি অলিম্পিকৰ উদ্বোধনা অনুষ্ঠান৷ অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰ নদীত উদ্বোধন হ’ল অলিম্পিক৷ মুঠ ৬ কিঃমিঃ নদীপথত বিভিন্ন দেশৰ প্ৰতিযোগীয়ে শোভাযাত্ৰা কৰিব৷ সকলো প্ৰতিযোগী নৌকাতেই থাকিব৷ মাজত বিভিন্ন সেতুৰ ওপৰত হ’ব এই সাংস্কৃতিক অনুষ্ঠান৷ শ্যেন নদীত ৯৪ টা নৌকাত ১০৫০০ প্ৰতিযোগী থাকিব৷ ৫ লাখ দৰ্শকৰ সন্মুখত হ’ব অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান৷ এইবাৰ ভাৰতৰ পতাকা থাকিব পি ভি সিন্ধু আৰু শৰথ কমলৰ হাতত৷ অনুষ্ঠানৰ আৰম্ভণিৰ নিশা ১১ বজাৰ পৰা৷ এই অনুষ্ঠান সম্প্ৰচাৰ হ’ব ১৮টা স্পৰ্টছ চেনেলত৷ মোবাইলৰ জিঅ’ চিনেমাতো এই অনুষ্ঠান চাব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ