অসম লাইভ ২৪ঃ অমিক্ৰণৰ বাবে পুনৰ ক’ৰোনাৰ ছুনামি আৰম্ভ হৈছে বিশ্বত৷ তুলমামূলকভাৱে শিশুৰ দেহত অধিক সংক্ৰমিত হৈছে এই ভাইৰাছ৷ বয়স্ক লোকৰ তুলনাত শিশুৰ বাবে অমিক্ৰণ অধিক বিপজ্জনক৷ আমেৰিকাত শিশুৰ বৰ্ধিত হাৰত সংক্ৰমিত হৈছে এই ভেৰিয়েণ্ট৷ ভাৰতৰ বাবেও ই এক উদ্বেগৰ কাৰণ ৰূপে বিবেচিত হৈছে ৷ কিয়নো ভাৰতত বৰ্তমানেও আৰম্ভ হোৱা নাই শিশুৰ ভেকচিনেচন প্ৰক্ৰিয়া৷ বিশেষজ্ঞৰ মতে ভেকচিন গ্ৰহণ কৰাটো অমিক্ৰণৰ বিৰুদ্ধে যুঁজাৰ এক মূল উপায়৷ এনেক্ষেত্ৰত শিশুৰ ভেকচিনেচন এক ডাঙৰ প্ৰত্যাহ্বানৰূপে থিয় দিছে বিশ্ববাসীৰ সমুখত৷ উল্লেখ্য, ভাৰতত অমিক্ৰণ আক্ৰান্তৰ সংখ্যাই ১২০০ ৰ ঘৰ অতিক্ৰম কৰিলে৷ ইফালে সমান্তৰালভাৱে গ্ৰুতগতিত বৃদ্ধি পাই আছে ক’ৰোনা সংক্ৰমণৰ ঘটনা৷ এনে পৰিপ্ৰেক্ষিতত শিশুৰ বাবে প্ৰযোজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ