অসম লাইভ ২৪ঃ বিগত ১০ দিনৰ ভিতৰত ভাৰতত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণ৷ ২৪ ঘণ্টাত দেশত বৃদ্ধি পাইছে ১২৮টা নতুন অমিক্ৰণ সংক্ৰমণৰ ঘটনা৷ সম্প্ৰতি ভাৰতত অমিক্ৰণ আক্ৰান্তৰ সংখ্যা ৭৮১ লৈ বৃদ্ধি পাইছে৷ দেশৰ শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভত তৎপৰ হৈছে কেন্দ্ৰ৷ অসমতো প্ৰয়োজনীয় সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ ইফালে ৰাজধানী দিল্লীত ৭০ শতাংশ বৃদ্ধি পাইছে অমিক্ৰণ আক্ৰান্তৰ সংখ্যা৷ দেশৰ বিভিন্ন স্থানত জাৰি কৰা হৈছে সান্ধ্য আইন৷ ৰাজধানী দিল্লীতো নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰতো বান্ধি দিয়া হৈছে কেতবোৰ নীতি-নিৰ্দেশনা৷ দিল্লীত আৰম্ভ হৈছে আংশিক লকডাউন৷ ইয়াৰ বিপৰীতে ২৪১ গৰাকী অমিক্ৰণ ৰোগী সুস্থ হৈছে ভাৰতত৷ উত্তৰ-পূবতো সংক্ৰমিত হৈছে অমিক্ৰণ৷ মণিপুৰত এগৰাকী অমিক্ৰন ৰোগী চিনাক্ত কৰিছে স্বাস্থ্যবিভাগে৷ অমিক্ৰণৰ সমান্তৰালকৈ কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে ৷ ভাৰতত বৰ্তমান কৰোনা সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৭৭, ০০২ গৰাকী আৰু বৰ্তমানলৈকে টীকাকৰণ কৰা হৈছে ১৪৩.১৫ কোটি জনতাক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ