অসম লাইভ ২৪ঃ অমিক্ৰণক লৈ স্বাভাৱিকতেই সমগ্ৰ বিশ্বত সম্প্ৰতি এক ভয়াৱহ পৰিস্থিতিৰ সূচনা হৈছে৷ কোভিডৰ ডেল্টা ভেৰিয়েণ্টতকৈ অধিক সংক্ৰমণযোগ্য এই অমিক্ৰণ ভেৰিয়েণ্ট৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্যই কিছু সকাহ দিছে বিশ্ববাসীক৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কোভিডৰ ডেল্টা ভেৰিয়েণ্টতকৈ অধিক সংক্ৰমণযোগ্য যদিও মাৰাত্মক নহয় অমিক্ৰণ ভেৰিয়েণ্ট৷ পূৰ্বৰ কোভিড ভেকচিনসমূহ কাৰ্যকৰী অমিক্ৰণৰ বিৰুদ্ধে৷ শীৰ্ষ আমেৰিকান বিজ্ঞানী Anthony Fauci ৰ এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য৷ অমিক্ৰণ প্ৰতিৰোধৰ বাবে প্ৰয়োজন কোভিড ভেকচিনৰ বুষ্টাৰ ড’জৰ৷ ইফালে, বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বৃদ্ধি পাইছে অমিক্ৰণ সংক্ৰমণৰ ঘটনা৷ ভাৰতত বৰ্তমানলৈকে ২৩ জন লোক সংক্ৰমিত হৈছে অমিক্ৰণত৷ দেশজুৰি কোভিড প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কোভিডৰ নতুন SOP জাৰি কৰিছে প্ৰশাসনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ