অমিক্ৰনতকৈও দ্ৰুতগতিত সংক্ৰমিত হৈছে নতুন ভেৰিয়েণ্ট BA.2৷ ৫৭ খন দেশত ইতিমধ্যে সংক্ৰমিত হৈছে এই ছাব-ভেৰিয়েণ্ট৷ বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰে এই ভয়ংকৰ তথ্য৷ অমিক্ৰণৰ তুলনাত BA.2 ভেৰিয়েণ্ট অধিক সংক্ৰামক বুলি পোহৰলৈ আহিছে শেহতীয়া কেইবাটাও অধ্যয়নত৷ এইলৈ বিশ্ববাসীলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ অমিক্ৰণৰ ছাব-ভেৰিয়েণ্ট ক্ৰমে BA.1, BA.1.1, BA.2 আৰু BA.3 তীব্ৰ গতিত সংক্ৰমিত হৈছে৷ ইয়াৰে BA.2 ভেৰিয়েণ্ট সৰ্বাধিক সংক্ৰমণাত্মক ভেৰিয়েণ্ট৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ