অসম লাইভ ২৪ঃ বিগত কিছুদিনত ভাৰতত অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ দেখা পোৱা হৈছে৷ বৰ্তমানলৈকে ১৫৭ৰ অধিক লোক আক্ৰান্ত হৈছে কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণত৷ অমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতেও আগন্তুক দিনত সতৰ্কতা অৱলম্বনৰ বাবে আহ্বান জনাইছে AIIMSৰ মুৰব্বী ৰণদ্বীপ গোলেৰিয়াই৷ ইতিমধ্যে প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত নিজকে প্ৰস্তুত কৰিছে ভাৰতে৷ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা৷ ইয়াৰ সমান্তৰালকৈ কোভিড সংক্ৰমণো বৃদ্ধি পাইছে ভাৰতত৷ বিগত ২৪ ঘণ্টাত ভাৰতত আক্ৰান্ত হৈছে ৬৫৬৩গৰাকী লোক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ