অসম লাইভ২৪ঃ বাংলাদেশত বাঢ়িছে বিবাহবিচ্ছেদিতৰ সংখ্যা। সকলোতকৈ বেছি বিবাহবিচ্ছেদ হৈছে ঢাকাত। ঢাকাত ২০২৩ বৰ্ষত ১৩ হাজাৰৰো অধিক বিবাহবিচ্ছেদ হৈছে। প্ৰায় প্ৰতি ৪০ মিনিটত ঢাকাত এটাকৈ ডিভোৰ্ছ হয়। কেৱল ঢাকাই নহয়, ডিভোৰ্ছৰ সংখ্যা বাঢ়িছে চট্টগ্ৰাম, খুলনা, ময়মনসিংহ, ৰংপুৰ এলেকাতো। জনা গৈছে যে বাংলাদেশত বিবাহবিচ্ছেদৰ বাবে পুৰুষতকৈ মহিলাই বেছিকৈ আবেদন কৰিছো। নিৰ্যাতনৰ পৰা মুক্তি লাভ কৰিবলৈকে বিবাহবিচ্ছেদ বিচাৰিছে মহিলাসকলে। আত্মসন্মানেৰে জীয়াই থাকিব খোজা মহিলাসকলে বিবাহ বিচ্ছেদৰ আবেদন বেছিকৈ কৰিছে।
বাংলাদেশত বিবাহবিচ্ছেদৰ ক্ষেত্ৰত এতিয়াও ১৯৬১ চনৰ মুছলমান পাৰিবাৰিক আইনেই আছে। এই আইন অনুসৰি ঢাকাত বিচ্ছেদৰ আবেদন কৰিবলৈ চিটি কৰপৰেশ্ব্যন মেয়ৰৰ কাৰ্যালয়ত। পোনতে তাতেই আবেদন দাখিল কৰে। কৰপৰেশ্ব্যন মেয়ৰৰ কাৰ্যালয়লৈ এই বৰ্ষত মুঠ ১৩,২৮৮খন আবেদন আহিছে। ইয়াৰ মাজতে দক্ষিণ চিটি কৰপৰেশ্ব্যনত ৫ হাজাৰ ৫৯০খন আবেদন জমা হৈছে। চলিত বছৰৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ২৪৮৮ খন বিবাহবিচ্ছেদৰ আৱেদন জমা হৈছে। এই হিচাপে প্ৰতিদিনেই ঢাকাত ৩৭ টাকৈ ডিভোৰ্ছ হয়।
২০২০ চনত ১২, ৫১৩টা ২০২১ চনত ১৪,৬৫৯টা ডিভোৰ্ছ হৈছে ঢাকাত। বিগত বৰ্ষত ঢাকাত হোৱা বিবাহবিচ্ছেদৰ সংখ্যা ৫২,৯৬৮টা। বিগত প্ৰায় ১৫ বছৰ ধৰি বাংলাদেশত বিবাহবিচ্ছেদৰ সংখ্যা বৃদ্ধি পাইছে। এই সন্দৰ্ভত অধিবক্তাই জনোৱামতে, ‘স্বামী-স্ত্ৰীৰ মাজত মনোমালিন্য, লাঞ্চনা বৃদ্ধি হোৱাৰ বাবেই বিবাহবিচ্ছেদৰ সংখ্যা বৃদ্ধি পাইছে। বিবাহবহিৰ্ভূত সম্পৰ্কও ডিভোৰ্ছৰ অন্যতম এটি লক্ষণ।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ