১ লাখ টকা হৈ পৰিব ৫৩ লাখ! পাছে ক’ত কিদৰে কৰিব লাগিব বিনিয়োগ, এতিয়াই পঢ়ক
ভৱিষ্যতৰ কথা ভাৱি যদি টকা বিনিয়োগ কৰাৰ কথা ভাবিছে, কিন্তু সঠিক সিদ্ধান্ত লব নোৱাৰি চিন্তাত পৰিছে, তেন্তে এই খবৰ আপোনাৰ বাবে। ১ লাখ টকা বিনিয়োগ কৰি লাভ কৰিব পাৰিব ৫৩ লাখ টকা।
অৱসৰ নিশ্চিত কৰিবলৈ প্ৰথমে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব লাগিব। যদি আপুনি ১ লাখ টকা বিনিয়োগ কৰিব পাৰে, তেন্তে বছৰি ১২ শতাংশ সুত পাব। তাত প্ৰথম বছৰত ১.১২ লাখ টকা পাব পাৰি। তাৰ পৰাই আপোনাৰ অৱসৰৰ পৰিকল্পনা আৰম্ভ হ’ব।
যদি আপুনি মিউচুৱেল ফাণ্ডত ৫০ হাজাৰ টকা বিনিয়োগ কৰে, তেন্তে ১২ শতাংশ সুত পালে ১০ বছৰত ১৫৫,২৯২ টকা পাব। ২০ বছৰত ৪ লাখ ৮২ হাজাৰ ৩১৫ টকা পাব। ৩০ বছৰত ১৪,৯৭৯,৯৯৬ টকা পাব।
যদি কোনো ব্যক্তিৰ বয়স ২৫ বছৰ আৰু অৱসৰৰ বাবে ৫ লাখ টকা বিনিয়োগ কৰে তেন্তে ১২ শতাংশ সুতত ৬০ বছৰত ২ কোটি ৬৪ লাখ টকা লাভ কৰিব।
যদি কোনোবাই ২৫ বছৰ বয়সত ১ লাখ টকা বিনিয়োগ কৰে, তেন্তে ১২ শতাংশ মিউচুৱেল ফাণ্ডত তেওঁৰ মূলধনী লাভ হ’ব ৫১ লাখ ৭৯ হাজাৰ ৯৬২ টকা। মুঠ কৰ্পাছ হ’ব ৫২ লাখ ৭৯ হাজাৰ ৯৬২ টকা।
যদি ১০ বছৰত মুঠ বিনিয়োগ ১০ লাখ টকা হয়, তেন্তে মূলধনী লাভ হ’ব ৯ লাখ ৬৫ হাজাৰ ৪৫৮ টকা। মুঠ কৰ্পাছ হ’ব ১৯ লাখ ৬৫ হাজাৰ ৪৫৮ টকা।
যদি ২০ বছৰত মুঠ বিনিয়োগ ২০ লাখ টকা হয়। তেতিয়া মূলধনী লাভ হ’ব ৬০ লাখ ৬৯ হাজাৰ ৮৭৩ টকা। মুঠ কৰ্পাছ হ’ব ৮০ লাখ ৬৯ হাজাৰ ৮৭৩ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















