‘এক দেশ এক সময়’- মোদী চৰকাৰে দেশবাসীৰ বাবে নিৰ্ধাৰণ কৰিলে এক সময়
এক দেশ এক নিৰ্বাচনৰ পাছত এইবাৰ মোদী চৰকাৰৰ এক দেশ এক সময় নিয়ম প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। সমগ্ৰ দেশ বাসীৰ বাবে হব এটাই ভাৰতীয় মানক সময়। চৰকাৰে সলনি কৰিবলৈ গৈ আছে ঘড়ীৰ সময়।
এতিয়াৰে পৰা ১২ বজাৰ পাছত কোনো দিনে নাবাজিব ১। বৰঞ্চ ১ বজাৰ বিপৰীতে ১২ বজাৰ পিছত বাজিব ১৩। দেশৰ কোটি কোটি জনতালৈ এই জৰুৰী খবৰ।
সলনি হ’বলৈ গৈ আছে ভাৰতবৰ্ষৰ সময়। দেশত শীঘ্ৰেই প্ৰযোজ্য হ’ব ‘এক দেশ এক সময়’। ঘড়ীত দুপৰীয়া বাৰ বজাৰ পিছত ১ বজাৰ বিপৰীতে বাজিব ১৩। যাৰ অৰ্থ, এতিয়াৰে পৰা ১২ ঘণ্টীয়া সময়সূচীৰ সলনি হব ২৪ ঘণ্টীয়া সময়সূচী।
দেশৰ জনতাই এতিয়াৰে পৰা গণনা কৰিব লাগিব ২৪ঘণ্টীয়া সময়। মোদী চৰকাৰে বাধ্যতামূলক কৰিব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম(IST)। ১৪ ফেব্ৰুৱাৰীলৈকে গ্ৰহণ কৰা হ’ব দেশৰ জনতাৰ মতামত।
সকলো আইনী, চৰকাৰী আৰু বাণিজ্যিক খণ্ডত এই নিয়ম মানি চলিব লাগিব। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিলে খচৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















