অসম লাইভ ২৪ঃ ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ অ’স্কাৰ সন্মান। বিশিষ্ট সংগীতকাৰ এ আৰ ৰহমান, গীতকাৰ গুলজাৰ আৰু ৰেছুল পোক্কুট্টীয়ে লাভ কৰে ৯৩তম অ’স্কাৰ বঁটা। বৰ্তমানলৈকে ৫ ভাৰতীয়ই লাভ কৰিবলৈ সক্ষম হৈছে চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান অ’স্কাৰ সন্মান। ৯৩তম অ’স্কাৰ বঁটা বিজয়ী শ্ৰেষ্ঠ ছবি হলীউডৰ ‘ন’মাডলেণ্ড’। এন্থনী হকিংছলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। চোলে ঝাওলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান। ফ্ৰেন্সেছ মেকডৰ’মেণ্ডই লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। ছেইফ্ৰেইড অ’ল্ডমেনলৈ চিনেমেট’গ্ৰাফীৰ অ’স্কাৰ। ‘মিনাৰী’ৰ বাবে য়ু জাং য়ঙলৈ সহ অভিনেত্ৰীৰ অ’স্কাৰ। ‘টেনেড’ ছবিয়ে লাভ কৰিলে ভিজুৱেল এফেক্টৰ অ’স্কাৰ। ‘ছৌল’লৈ শ্ৰেষ্ঠ সংগীতৰ অ’স্কাৰ। ‘ছাউণ্ড অব মেটেল’ৰ বাবে ৰিজ আহমেদলৈ সম্পাদনাৰ অ’স্কাৰ। অৰিজিনেল ছঙৰ অ’স্কাৰ ‘ফাইট ফৰ ইউ’লৈ। অ’স্কাৰ মঞ্চত স্মৰণ বলীউডৰ প্ৰয়াত অভিনেতা ইৰফান খানক। হলীউডৰ কেইবাখনো ছবিত অভিনয় কৰিছিল ইৰফান খানে। বিশ্বৰ প্ৰয়াত শিল্পীসকলক স্মৰণ অ’স্কাৰ সমিতিৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















