অসম লাইভ ২৪: আপুনি চিংগল নেকি? নে প্ৰেমৰ সম্পৰ্কত থাকি জ্বলা-কলা খাইছে আপুনি? প্ৰেয়সীৰ অভিমান ভাঙোতে আপোনাৰো অৱস্থা বেয়া হয় নেকি? পিছে এনে এগৰাকী ব্যক্তি আছে যাৰ প্ৰেমিকাৰ সংখ্যা ৩৫ গৰাকী। জাপানৰ বাসিন্দা টাকাশ্বী মিয়াগাৱা নামৰ ব্যক্তিজনৰ একে সময়তে ৩৫ গৰাকী প্ৰেয়সী থকাৰ ঘটনাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। কোনো কোনোৱে অৱশ্যে মিয়াগাৱাৰ ৩৫ গৰাকীতকৈ অধিক প্ৰেয়সী আছে বুলিও সন্দেহ প্ৰকাশ কৰিছে। এই ঘটনা পোহৰলৈ আহিল কিছুদিন পূৰ্বে। পিছে ৩৫ গৰাকীকৈ প্ৰেয়সী ৰখাৰ আঁৰতো আছে এটা বিশেষ কাৰণ। উপহাৰ লাভ কৰিবৰ বাবেই ৩৫ গৰাকী যুৱতীৰ সৈতে প্ৰেম কৰিছে মিয়াগাৱাই। প্ৰতিগৰাকী প্ৰেয়সীকে বেলেগ বেলেগ তাৰিখত নিজৰ জন্মদিন বুলি কয় যুৱকজনে। কাৰোবাক যদি কয় ১২ ফেব্ৰুৱাৰী আন কাৰোবাক কয় ১৩ নৱেম্বৰ। জন্মদিন বুলি প্ৰতিগৰাকীৰে পৰা উপহাৰ লয় মিয়াগাৱাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ