হোলীৰ ফুৰ্তি, ছাই বুলি ভাবি গৰম অঙঠাৰ ওপৰতে পেলাই দিলে বন্ধুই বন্ধুক, তাৰ পাছত
চাৰিওফালে হোলীৰ ফুৰ্তি। এই হোলীতে ভগৱান শিৱ আৰু কৃষ্ণক প্ৰাৰ্থনা কৰা যায়। শিৱক যদি ছাই-ভস্মৰে, কৃষ্ণক ৰং আৰু ফুলেৰে। যাৰ বাবে কেইগৰাকী মান কিশোৰে লগ লাগি এজন বন্ধুক ফুৰ্তিতে ছাইত পেলাই দিলে আন এজন বন্ধুক।
পাছে সেই ছাইৰ তলতে আছিল দপদপীয়া অঙঠা। যাৰ বাবে লগে লগে বিকট চিঞৰ মাৰি দিয়ে কিশোৰটিয়ে। চিঞৰ শুনি ভয় খাই যায় আন কিশোৰ কেইটিয়ো। কিন্তু কিবা বুজি উঠালৈ ছাইত পেলাই দিয়া কিশোৰটিৰ দুয়োখন ভৰিয়ে জ্বলি যায়।
এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে গ্ৰেটাৰ নয়ডা ৱেষ্টৰ গেলাক্সি নৰ্থ ১ ছ’চাইটিত। ছ’চাইটিটোৰ লোক সকলে হোলী উপলক্ষে হোলিকা দহনৰ পিছতে সেই ছাইত ফুৰ্তিৰে চাৰিজন বন্ধুৱে হোলিকাৰ গৰম ছাইত নিজৰ এজন বন্ধুক দলিয়াই দিয়ে।
লগে লগে ভুক্তভোগী কিশোৰটিৰ পৰিয়ালে কিশোৰটিক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায়। আৰক্ষীয়ো ঘটনা সম্পৰ্কে খবৰ লাভৰ পাছতে ঘটনাস্থলীত উপস্থিত হয়।
কিন্তু এয়া কোনো জানি শুনি কৰা ঘটনা নহয় বাবে ভুক্তভোগী কিশোৰটিৰ পৰিয়ালে কাৰোৰে বিৰুদ্ধে কোনো পদক্ষেপ নলয়। এয়া এক দুৰ্ঘটনা বুলিহে ব্যক্ত কৰে। আনহাতে বৰ্তমানে হাস্পতালত চিকিৎসাধীন কিশোৰটি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ