ভাৰতৰ সৈতে শত্ৰুতা কৰি মহাবিপদত পাকিস্তান, এইবাৰ খাদ্য সংকট
বিগত কেইবাবছৰ ধৰি আৰ্থিক সংকটত ভোগা পাকিস্তানে আৰু ভাৰতৰ সৈতে যুঁজিবলৈ আগবাঢ়ি আহিছে। এপালে আৰ্থিক সংকটৰ বাবে বিশ্বৰ বহু দেশৰ ওচৰত সহায় ভিক্ষা। আৰ্থিক ভাৱে সহায় কৰিব লাগে পাকিস্তানক।
কিন্তু তাৰে মাজতে ভাৰতৰ অপাৰেচন সেন্দূৰত পাকিস্তানত সন্ত্ৰাসবাদী নিহত হয় ১০০ ৰো অধিক। সেই সকলো নিহত লোকৰ পৰিয়ালক ১ কোটিকৈ টকা অনুদান দিয়াৰ কথাও সদৰি কৰে পাকিস্তানৰ পৰা। আনকি মাছুদ আজহাৰক ১৪ গৰাকী পৰিয়ালৰ লোক হিৰুওৱা বাবে ১৪ কোটি টকাৰ অনুদান দিয়াৰ কথা প্ৰকাশ পাইছিল।
সেই পাকিস্তানত এইবাৰ খাদ্য সংকট। ১ কোটিৰো অধিক লোক অনিশ্চিত খাদ্য সংকটৰ দিশে। ভাৰতৰ সৈতে যুঁজত নামি অধিক কংকাল হৈ পৰিছে পাকিস্তান। ইউনাইটেড ৰাষ্ট্ৰ আমেৰিকাৰ এক তথ্যত প্ৰকাশ পাইছে খবৰ।
প্ৰকাশিত তথ্য অনুসৰি পাকিস্তানত বৰ্তমানে ১.১ মিলিয়ন লোক খাদ্য সংকটৰ দিশে। কাৰণ দেশখনৰ বহু এলেকাট খাদ্য শষ্য হ্ৰাস পাইছে। জৰুৰীকালীন অৱস্থাৰ দৰে পৰিস্থিতি হৈছে পাকিস্তানত।
উল্লেখ্য যে, বিগত শুকুৰবাৰে সংযুক্ত ৰাষ্ট্ৰৰ এগ্ৰিকালচাৰ অৰ্গেনাইজেচন (FAO)এ খাদ্য সংকট ২০২৫ তথ্য প্ৰকাশ কৰিছিল। এই তথ্যতেই পাকিস্তানৰ ভয়ংকৰ দৃশ্য প্ৰকাশ পাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















