পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য্যৰ পিছতে এইবাৰ পদ্ম সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে পশ্চিমবংগৰ প্ৰখ্যাত সংগীত শিল্পী সন্ধ্যা মুখাৰ্জীয়ে৷
৯০ বছৰীয়া বৰ্ষীয়ান সংগীত শিল্পীগৰাকীয়ে পদ্মশ্ৰী সন্মান প্ৰত্যাখ্যান কৰি কয় যে তেওঁক এতিয়া এই সন্মান প্ৰদান কৰি অসন্মানহে কৰা হৈছে৷
প্ৰখ্যাত সংগীত শিল্পী গৰাকীৰ কন্যা সৌমী সেনগুপ্তাই মংগলবাৰে কয়, দিল্লীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় কাৰ্যালয়ে ফোন যোগে তেওঁৰ মাতৃৰ নামো পদ্মশ্ৰীৰ সন্মানৰ বাবে বাছনি কৰাৰ খবৰ দিয়ে৷
উক্ত খবৰ লাভ কৰিয়ে মাতৃ সন্ধ্যা মুখাৰ্জীয়ে তেওঁলৈ আগবঢ়োৱা ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে বুলি প্ৰকাশ কৰিছে৷
বৰ্ষীয়ান শিল্পীগৰাকীৰ কন্যাই লগতে স্পষ্ট কৰি দিছে তেওঁৰ মাতৃয়ে কোনো ৰাজনৈতিক কাৰণত এই সন্মান প্ৰত্যাখ্যান কৰা নাই৷ বিশিষ্ট শিল্পী গৰাকীয়ে এই বয়সত তেওঁলৈ ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়াই অপমান কৰা বুলিহে অভিহিত কৰিছে৷
উল্লেখ্য যে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে ভাৰত চৰকাৰে বহু কণিষ্ঠ শিল্পীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰি অহাৰ বিপৰীতে যোগ্য ব্যক্তিত্বক সঠিক সময়ত এই সন্মান প্ৰদান নকৰি বঞ্চিত কৰি অহাৰ গুৰুতৰ অভিযোগ উঠি আহিছে৷ বৰ্ষীয়ান তথা বিশিষ্ট শিল্পী সন্ধ্যা মুখাৰ্জীয়ে পদ্মশ্ৰী সন্মান প্ৰত্যাখ্যান কৰাটোৱে এই অভিযোগৰ সত্যতাকে পুনৰ এবাৰ প্ৰমাণ কৰিলেও বুলিও এতিয়া চৰ্চা লাভ কৰিছে৷
ইফালে সন্ধ্যা মুখাৰ্জীৰ কিছু সময়ৰ পূৰ্বে এই পদ্ম সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দেশৰ বিশিষ্ট বাওঁপন্থী নেতা বুদ্ধদেৱ ভট্টাচাৰ্যই৷ প্ৰখ্যাত বাওঁপন্থী নেতাগৰাকীয়ে তেওঁলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা বুলি জানিব পাৰি টুইটাৰযোগে কয় যে তেওঁ এই বিষয়ে অৱগত নহয় আৰু যদি তেওঁলৈ আগবঢ়োৱা হয়, তেনে তেওঁ ইয়াক প্ৰত্যাখ্যান কৰিব৷
উল্লেখ্য যে দেশত পদ্ম সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ আৰু প্ৰত্যাখ্যান কৰা এয়াই প্ৰথম ঘটনা নহয়৷ ইয়াৰ পূৰ্বেও দেশৰ বহু বিশিষ্ট ব্যক্তিয়ে ভাৰত চৰকাৰৰ এই অসামৰিক সন্মান প্ৰত্যাখ্যান কৰাৰ লগতে ওভতাই দি আহিছে৷
পদ্ম সন্মান প্ৰত্যাখ্যান আৰু ওভতাই দিয়াসকলৰ মাজত উল্লেখ্যযোগ্যসকল হৈছে ক্ৰমে ৰমিলা থাপা, খুচৱন্ত সিং, ছেলিম খান আদি৷
দেশৰ প্ৰখ্যাত ইতিহাসবিদ ৰমিলা থাপা আৰু লেখক খুচৱন্ত সিঙে ১৯৭৪ চনত লাভ কৰা পদ্মভুষণ সন্মান ১৯৮৪ চনত আৰু চলচ্চিত্ৰ ব্যক্তিত্ব ছেলিম খানে ২০০৫ চনত লাভ কৰা পদ্মশ্ৰী সন্মান ২০১৫ চনত চৰকাৰক ওভতাই দিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ