কিমান টকাৰ বিনিময়ত পাকৰ হাতত ভাৰতৰ তথ্য দিছিল ভাৰতীয় সেনা মতিৰামে?
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই যোৱা ২৬ মে’ত দিল্লীৰ পৰা এ এছ আই মতিৰাম জাটক গ্ৰেপ্তাৰ কৰিছিল। পাকিস্তানক চোৰাংচোৱা তথ্য প্ৰদানৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল মতিৰামক।
তদন্তত প্ৰকাশ পাইছে যে মতিৰাম জাটে পেহেলগামত কৰ্মৰত অৱস্থাত থকা সময়ত বিগত দুবছৰ ধৰি পাকিস্তানী চোৰাংচোৱা বিষয়া, যিয়ে নিজকে পাকিস্তানৰ সাংবাদিক বুলি পৰিচয় দিছিল, সেই লোকৰ হাতত বহু গুৰুত্বপূৰ্ণ তথ্য তুলি ধৰিছিল। এই তথ্যৰ বিনিময়ত প্ৰতিমাহে টকা লৈছিস মতিৰামে।
নিয়াৰ তদন্তত প্ৰকাশ কৰা অনুসৰি, ২০২৩ চনৰ পৰা মতিৰামে পাকিস্তানৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত চোৰাংচোৱাৰ তথ্য ভাগ-বতৰা কৰি আহিছিল। বিশেষ তথ্যৰ বাবে বক্সিচ হিচাপে ১২ হাজাৰ টকা পৰ্যন্ত লাভ কৰিছিল মতিৰামে।
মতিৰাম জাটে পাকিস্তানৰ ভূৱা সাংবাদিক তথা চোৰাংচোৱা বিষয়াক প্ৰতিটো নতুন আপডেট দিছিল। আনকি গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণেই হওক বা কোনো জ্যেষ্ঠ বিষয়াৰ ভ্ৰমণেই হওক, প্ৰতিবাৰেই পাকিস্তানী বিষয়াজনক খবৰ দিছিল।
বিনিময়ত পাকিস্তানী এজেণ্টে প্ৰতি মাহৰ ৪ তাৰিখে জোৱান মতিৰামক ৩৫০০ টকা দিছিল। এই টকা মতিৰাম আৰু তেওঁৰ পত্নীৰ বেংক একাউণ্টত পোনে পোনে সোমাইছিল। ইয়াৰ উপৰিও বিশেষ তথ্য ভাগ-বতৰা কৰাৰ বাবে অতিৰিক্ত ১২ হাজাৰ টকা দিয়া হৈছিল।
উল্লেখ্য যে, মতিৰামক চি আৰ পি এফৰ ১১৬ নং বেটেলিয়নত সহকাৰী উপ পৰিদৰ্শক (এ এছ আই) হিচাপে নিযুক্তি দিয়া হৈছিল। পাকিস্তানী চোৰাংচোৱা বিষয়াক ভাৰতৰ স্পৰ্শকাতৰ তথ্য দিয়াৰ অভিযোগত যোৱা ২৬ মে’ত দিল্লীৰ পৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ দলে গ্ৰেপ্তাৰ কৰিছিল মতিৰামক।
ইয়াৰ পিছত আদালতত হাজিৰ কৰোৱা হৈছিল আৰু ৬ জুনলৈকে মতিৰামক নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। সোধা-পোছাৰ সময়ত মতিৰামে বহু কথা প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















