অসম লাইভ২৪ঃ প্ৰেমৰ টানত পাকিস্তানৰ পৰা ভাৰতলৈ পলাই আহিছিল। কিন্তু প্ৰেমিকক লগ কৰাৰ পূৰ্বেই আলহী হৈছিল ৰঙাঘৰৰ। কোনোধৰণৰ নথি নোহোৱাকৈ ভাৰতত প্ৰৱেশ কৰাৰ বাবে ভাৰতীয় সেনাই গ্ৰেপ্তাৰ কৰিছিল যুৱতীগৰাকীক। অৱশেষত জামিন লাভ কৰিলে যুৱতীগৰাকীয়ে। শনিবাৰে মুক্তিলাভ কৰিছে যুৱতীগৰাকীয়ে। জামিন লাভ কৰিলেও কোনো কাৰণতে ভাৰত এৰি যাব খোজা নাই যুৱতীগৰাকীয়ে।
পাকিস্তানৰ পৰা ভাৰতলৈ অহা যুৱতীগৰাকীৰ নাম সীমা হায়দাৰ। নয়দাৰ বাসিন্দা শচীন সিংহৰ সৈতে বিয়া কৰোৱাৰ সপোন বুকুত বান্ধি ভাৰতলৈ পলাই আহিছিল সীমা। কিন্তু এনেদৰে ভাৰতত প্ৰৱেশ কৰোতেই ভাৰতীয় সেনাই সীমাক বন্দী কৰে। জে’ললৈকো যাব লগা হয় সীমা। সীমা কাৰাগাৰৰ পৰা ওলোৱাৰ পাছতেই শচীনো নথৈ আনন্দিত। শচীনৰ নয়ডাত থকা বাসগৃহত চলিছে পূৰ্ণ প্ৰস্তুতি। সীমা যিহেতু মুছলমান আছিল সেয়ে ধৰ্ম সলাই হিন্দু হোৱাৰো যো-জা চলাইছে সীমাই। শচীনৰ ধৰ্মই নিজা ধৰ্ম বুলি সীমাই এক সাক্ষাৎকাৰত প্ৰকাশো কৰিছে।
সীমাই ৪টা সন্তানক লৈ পাকিস্তানৰ পৰা নেপাল হৈ ভাৰতত প্ৰৱেশ কৰিছিল। বিগত ৪ জুলাইত গ্ৰেপ্তাৰ হয় সীমা। সীমাক আশ্ৰয় দিয়াৰ বাবে শচীন আৰু তেওঁৰ পিতৃকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। সন্তানসহিতে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল সীমাক। শনিবাৰে অৱশেষত সেনাই জামিন প্ৰদান কৰে। জামিন পোৱাৰ পাছতেই সীমাই কয়, ‘জামিনৰ খবৰ শুনি মই আনন্দত কি কৰো নকৰো ভাৱিয়েই নোপোৱা হৈছিলো। মই ভাৱিছিলো কেইবামাহো মই জে’লত থাকিব লগা হ’ব বুলি। বহু কষ্টেৰে মই এই দেশত ভৰি দিলো। কৰাচিৰ পৰা প্ৰথম ডুবাইলৈ গ’লো। ডুবাইৰ পৰা নেপাললৈ আহিলো। নেপালৰ পৰাহে ভাৰত আহিলো।’
সীমাৰ পূৰ্বৰ স্বামী গুলাম হায়দাৰ ছৌদি আৰৱত কৰ্মৰত। তেওঁ সম্প্ৰতি এটা ভিডিঅ’ বাৰ্তাৰ মাধ্যমেৰে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁৰ অনুৰোধ যে তেওঁৰ পত্নী আৰু সন্তানসকলক পাকিস্তানলৈ ওভতাই পঠিয়াব লাগে। গুলামে দাবী কৰিছে যে তেওঁৰ পত্নীক জোৰ কৰি ভাৰতলৈ অনা হৈছে।
উল্লেখ্য যে সীমাই ১২ লাখ টকাত মাটি বিক্ৰি কৰি ভাৰতলৈ অহাৰ বাবে ধনৰ যোগাৰ কৰিছিল। শচীনৰ সৈতে অনলাইনত পাবজি খেলোতে চিনাকি হৈছিল দুয়ো। সেই আলাপতেই ঘনিষ্ঠ হৈ পৰে দুয়ো। জামিনত মুক্তি লাভ কৰাৰ পাছতেই ভাৰতীয় নাগৰিকত্ব গ্ৰহণৰ বাবেও যাৱতীয় কামকাজ আৰম্ভ কৰিছে সীমাই। ইপিনে বিবাহপাশত অৱদ্ধ হ’লেই বৈবাহিক সূত্ৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব সীমাই বুলি জনাইছে শচীনৰ পৰিয়ালেও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ