লজ্জানত পাকিস্তান! পাকিস্তান দিৱসৰ দিনাই আখৰ জোঁটাই জোঁটাই ভাষণ পঢ়িলে ৰাষ্ট্ৰপতিয়ে
সমগ্ৰ বিশ্বৰ আগতে লজ্জানত পাকিস্তান। কাৰণ পাকিস্তান দিৱসৰ দিনাই দেশখনৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে শব্দ জোঁটাই জোঁটাই পঢ়িব লগা হ’ল লিখি দিয়া ভাষণ। যি ভাষণৰ ভিডিঅ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
উল্লেখ্য যে, কালি ২৩ মাৰ্চ দেওবাৰে পালন কৰা হয় পাকিস্তান দিৱস। এই সময়ছোৱাত সমগ্ৰ পাকিস্তানত বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত হৈছিল। এই বিশেষ অনুষ্ঠানত পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে সংসদৰ দুয়োটা সদনত ভাষণ প্ৰদান কৰাৰ লগতে সেনাৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।
https://x.com/BalochLatif/status/1903789747102711978
এই সময়ছোৱাত জৰ্দাৰীয়ে ভাষণ দিয়াৰ ধৰণটো সমগ্ৰ পাকিস্তানত চৰ্চা চলি আছে। ৰাষ্ট্ৰপতি জৰ্দাৰীয়ে দিয়া ভাষণৰ বহু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে তেওঁৰ ভাষণ পঢ়িবলৈ যথেষ্ট অসুবিধা হৈছে। প্ৰতিটো শব্দ জোঁটাই জোঁটাই পঢ়িবলগা হৈছে ৰাষ্ট্ৰপতি জৰ্দাৰীয়ে।
দেশৰ ৰাষ্ট্ৰপতিয়ে সমগ্ৰ দেশক প্ৰতিনিধিত্ব কৰে। এনে পৰিস্থিতিত ৰাষ্ট্ৰপতিৰ লিখি দিয়া ভাষণ এটা পঢ়িবলৈ কষ্ট পোৱা কাৰ্যই হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে।
আছিফ জৰ্দাৰীৰ ভাষণৰ বহু ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বহু ব্যৱহাৰকাৰীয়ে জৰ্দাৰীক উপহাস কৰি বিভিন্ন কমেণ্ট কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ