এফালে দেশৰ হৈ বিশ্বকাপ খেলি থকাৰ সময়তে আনফালে ঘৰত ডাঙৰ ঘটনা, সকলো এৰি ঘৰলৈ উভতিল খেলুৱৈ
বৰ্তমানে ডুবাইত মহিলা বিশ্বকাপৰ মহাৰণ। অংশগ্ৰহণকাৰী সকলো দেশেই খিতাপ জয়ৰ বাবে মৰণপন যুঁজ দি আছে। তাৰেই মাজতে আহিছে এক দুঃসংবাদ। এফালে দেশৰ হৈ খেল খেলিথকাৰ সময়তে আনফালে ঘৰৰ এক ডাঙৰ ঘটনা। লগে লগে খেল এৰি ঘৰলৈ উভতিল খেলুৱৈ।
পাকিস্তানৰ মহিলা দলৰ অধিনায়ক ফাতিমা ছানাই মহিলা টি-২০ বিশ্বকাপ ২০২৪ হঠাতে ত্যাগ কৰি ঘৰলৈ উভতি আহিছে। ফাতিমাৰ পিতৃৰ মৃত্যুৰ খবৰ পোৱা গৈছে। খবৰ পোৱাৰ লগে লগে ডুবাইৰ পৰা কৰাচীলৈ ৰাওনা হয় ফাতিমা।
শেহতীয়াকৈ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এতিয়া পাকিস্তানৰ পৰৱৰ্তী মেচ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। ফাতিমাৰ অনুপস্থিতিত মুনিবা আলীক দলৰ কমাণ্ড দিয়া হৈছে। দলৰ সহ অধিনায়ক আছিল মুনিবা।
খবৰ অনুসৰি ষ্ট্ৰোকৰ বাবে ফাতিমাৰ পিতৃৰ মৃত্যু হয়। এই কাৰণেই ফাতিমাই ডুবাইৰ পৰা কৰাচীলৈ উভতি আহে। ফাতিমাৰ পিতৃৰ মৃত্যুৰ পিছতে দুখী দলটোৰ খেলুৱৈসকল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে শোক প্ৰকাশ কৰিছে পাকিস্তানী খেলুৱৈ সকলে।
মহিলা টি-২০ বিশ্বকাপত গ্ৰুপ এৰ পইণ্ট টেবুল চালে বৰ্তমান পাকিস্তান তৃতীয় স্থানত আছে। এই পৰ্যন্ত দুখন মেচ খেলি এখন খেলত জয়লাভ কৰিছে। এখন মেচত ভাৰতৰ হাতত পৰাস্ত হৈছিল। পাকিস্তানৰ ২ পইণ্ট। গ্ৰুপ এৰ পইণ্ট টেবুলত অষ্ট্ৰেলিয়া প্ৰথম আৰু ভাৰত বৰ্তমানে দ্বিতীয় স্থানত আছে। ৩ খন খেলৰ ভিতৰত ২ খন খেলত জয়লাভ কৰিছে ভাৰতে। এখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ