• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

1 month ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

36 minutes ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

54 minutes ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

1 hour ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

2 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

3 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

3 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

4 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

12 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

15 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

15 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

15 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

 ISIৰে জড়িত কেইবাটাও শাখা উৎখাত আৰক্ষীৰ, নাবালকসহ ৯জনক গ্ৰেপ্তাৰ

editor by editor
August 5, 2026
in অপৰাধ, ভাৰত, ৰাজনীতি, লেখা
0
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ
0
SHARES
469
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ যন্তৰ-মন্তৰত বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰক উৎখাত কৰাৰ দাবী কৰিছে পঞ্জাব আৰক্ষীয়ে। পঞ্জাব আৰক্ষীৰ মতে, পাকিস্তানৰ ISIৰ সৈতে জড়িত বুলি সন্দেহ কৰা কেইবাটাও শাখাক উৎখাত কৰা হৈছে। এই অভিযানত ৪ জন নাবালকসহ মুঠ ৯জনক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তসকলৰ পৰা পেট্ৰ’ল বো*মা, পি*ষ্টল, সক্ৰীয় কা*ৰ্টুজ আৰু অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। লগতে তদন্তত এই কথাও পোহৰলৈ আহিছে যে, ৰে’লপথৰ সমীপত গোপন কেমেৰা স্থাপন কৰি সংবেদনশীল তথ্য আৰু ভিডিঅ’ পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছিল। বৰ্তমান আৰক্ষী আৰু তদন্তকাৰী সংস্থাই সমগ্ৰ নেটৱৰ্ক, ধন যোগানৰ উৎস আৰু বিদেশী যোগাযোগৰ দিশসমূহ গভীৰভাৱে তদন্ত কৰি আছে।

যন্তৰ-মন্তৰক লক্ষ্য কৰি কৰা হৈছিল ষড়যন্ত্ৰ

পঞ্জাব আৰক্ষীয়ে প্ৰথমটো শাখা অমৃতসৰৰ ৰাজাচাচী অঞ্চলৰ পৰা উৎখাত কৰে। এই শাখাত সুখমন সিং নামৰ এজন অভিযুক্তৰ সৈতে আন তিনিজন নাবালক আছিল। আৰক্ষীৰ অভিযোগ অনুসৰি, সুখমন সিঙে নাবালক ৩ জনৰ সৈতে যন্তৰ-মন্তৰলৈ আহিছিল আৰু উত্তৰ প্ৰদেশৰ এজন সন্দেহজনক যুৱকক সাক্ষাৎ কৰিছিল। এই সন্দেহজনক যুৱকজনে তেওঁলোকক অ*স্ত্ৰ-শস্ত্ৰ আৰু বি*স্ফোৰক সামগ্ৰী যোগান ধৰাৰ দায়িত্ব লোৱাৰ কথা আছিল। কিন্তু যন্তৰ-মন্তৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা থকাৰ বাবে এই পৰিকল্পনা বাস্তৱায়িত কৰিব নোৱাৰিলে।

অ*স্ত্ৰ-শস্ত্ৰ আৰু পেট্ৰ’ল বোমা উদ্ধাৰ

ৰাজাচাচীত গ্ৰেপ্তাৰ হোৱা শাখাটোৰ পৰা আৰক্ষীয়ে চাৰিটা পেট্ৰ’ল বো*মা, দুটা পি*ষ্টল, ৯টা সক্ৰীয় কা*ৰ্টুজ আৰু লাইটাৰ উদ্ধাৰ কৰিছে। তদন্তত এই কথাও পোহৰলৈ আহিছে যে অভিযুক্তসকলক গ্লাছৰ বটল ব্যৱহাৰ কৰি কেনেদৰে পেট্ৰ’ল বো*মা প্ৰস্তুত কৰিব লাগে, তাৰ বিশেষ প্ৰশিক্ষণ দিয়া হৈছিল। আৰক্ষীৰ মতে, ভৱিষ্যতে তেওঁলোকক পৃথক পৃথক ঠাইত আক্ৰমণৰ দায়িত্ব দিয়াৰ আশংকা আছিল। উদ্ধাৰ হোৱা সামগ্ৰী আৰু জেৰাত লাভ কৰা তথ্যই এই নেটৱৰ্কৰ বিপজ্জনক স্বৰূপ স্পষ্ট কৰি তোলে বুলি তদন্তকাৰী বিষয়াসকলে মত প্ৰকাশ কৰিছে।

চৰকাৰী প্ৰতিষ্ঠানৰ ওপৰত নজৰদাৰীৰ অভিযোগ

তদন্তকাৰী সংস্থাৰ মতে, অভিযুক্তসকলক কেৱল দিল্লীত আক্ৰমণৰ দায়িত্বই দিয়া হোৱা নাছিল, পঞ্জাবৰ আৰক্ষী কাৰ্যালয়, নিৰাপত্তা প্ৰতিষ্ঠান আৰু আৰক্ষী কর্মীসকলৰ চাল-চলনৰ ওপৰতো নজৰ ৰাখিবলৈ কোৱা হৈছিল। সংগ্ৰহ কৰা এই তথ্যসমূহ বিদেশত থকা কথিত হেণ্ডলাৰৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল বুলি আৰক্ষীয়ে অভিযোগ কৰিছে।

ৰে’লপথৰ সমীপত স্থাপন কৰা হৈছিল গোপন কেমেৰা

কিছুদিন আগতে দিল্লীৰ জৌড়া ফাটকৰ সমীপত ৰে’লপথৰ খুঁটাত এটা সন্দেহজনক কেমেৰা উদ্ধাৰ কৰা হয়। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বংশ কুমাৰ নামৰ এজন যুৱকৰ সৈতে এজন নাবালকক গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তৰ পৰা এটা পি*ষ্টল, কা*ৰ্টুজ, CCTV কেমেৰা আৰু এখন চুৰি বাইক উদ্ধাৰ কৰা হৈছে। এইটো আছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দ্বিতীয়টো শাখা। জেৰাৰ সময়ত অভিযুক্তই ৰে’লপথ আৰু ইয়াৰ আশে-পাশে কেমেৰা স্থাপন কৰাৰ কথা স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে দাবী কৰিছে। এই কেমেৰাৰ জৰিয়তে সংগ্ৰহ কৰা ভিডিঅ’ আৰু তথ্য পাকিস্তানত থকা হেণ্ডলাৰসকললৈ প্ৰেৰণ কৰা হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে। ইয়াৰ জৰিয়তে ৰে’লৰ চলাচল, ৰে’লৱে আন্তঃগাঁথনি আৰু অন্যান্য সংবেদনশীল স্থানৰ তথ্য সংগ্ৰহ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

অ*স্ত্ৰ যোগান ধৰা নেটৱৰ্কৰ সন্ধান

তদন্ত আগবঢ়াৰ লগে লগে আৰক্ষীয়ে অনমোল সিং নামৰ অ*স্ত্ৰ সৰবৰাহকাৰী এজনকো গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে সুখদেৱ সিং আৰু হৰমন সিঙৰ নামো এই গোচৰত পোহৰলৈ আহে। দুয়ো জনেই পূৰ্বতে অস্ত্ৰ আইনৰ গোচৰত কাৰাগাৰত আছিল। তদন্তকাৰী সংস্থাৰ মতে, এই নেটৱৰ্কটো কেৱল পঞ্জাবতে সীমাবদ্ধ নাছিল; একাধিক ৰাজ্যত ইয়াৰ সংযোগ থকাৰ আশংকাও ব্যক্ত কৰা হৈছে।

নাবালকক ধনৰ প্ৰলোভন

আৰক্ষীৰ তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা চাৰিওজন নাবালকেই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ। তদন্তত ধনৰ প্ৰলোভন দেখুৱাই তেওঁলোকক দেশবিৰোধী কাৰ্যকলাপত জড়িত কৰা হৈছিল বুলি তথ্য পোহৰলৈ আহিছে। সম্প্ৰতি আৰক্ষীয়ে এই সমগ্ৰ প্ৰক্ৰিয়াৰ আঁৰত আৰু কোন লোক বা সংগঠন জড়িত আছে, সেই দিশতো তদন্ত অব্যাহত ৰাখিছে।

পাকিস্তানৰ স*ন্ত্ৰাসবাদী শ্বেহজাদ ভট্টীৰ সংযোগৰ অভিযোগ

তদন্তৰ সৈতে জড়িত সূত্ৰই জনোৱা মতে, সমগ্ৰ নেটৱৰ্কটোৰ সম্ভাব্য সংযোগ পাকিস্তানৰ গেংষ্টাৰ তথা স*ন্ত্ৰাসবাদী শ্বেহজাদ ভট্টীৰ সৈতে আছে নেকি, সেই বিষয়েও তদন্ত চলি আছে। সূত্ৰৰ দাবী অনুসৰি, পূৰ্বে কলকাতা STF-এ গ্ৰেপ্তাৰ কৰা আন এটা শাখাৰ কিছু সদস্যও যন্তৰ-মন্তৰলৈ অহাৰ যো-জা চলাইছিল আৰু তেওঁলোকো ভট্টীৰ সৈতে যোগাযোগত আছিল বুলি সন্দেহ কৰা হৈছে। তদন্তকাৰী সংস্থাৰ মতে, ৬টা হোৱাটছএপ নম্বৰৰ জৰিয়তে এই যোগাযোগ চলি আছিল।

এই গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ ভিতৰত আছে বংশ কুমাৰ, হৰমন সিং, সুখদেৱ সিং, অনমোল সিং আৰু সুখমন সিং। ইয়াৰ উপৰিও চাৰি জন নাবালক আৰক্ষীৰ জিম্মাত আছে। বৰ্তমান তদন্তকাৰী সংস্থাই পাকিস্তানত থকা হেণ্ডলাৰ, সম্ভাব্য ধন যোগানৰ উৎস, উত্তৰ প্ৰদেশৰ সন্দেহযুক্ত যোগাযোগ আৰু এই নেটৱৰ্কৰ সৈতে জড়িত আন ব্যক্তিসকলৰ ভূমিকা গভীৰভাৱে পৰ্যালোচনা কৰি আছে। আৰক্ষীৰ মতে, তদন্ত আগবাঢ়িলে এই ঘটনাৰ সৈতে জড়িত আৰু বহু লোকৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cjp protestpakistanterrorist
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক
বাণিজ্য

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
Next Post
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো' এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.