কাশ্মীৰক “ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ” বুলি আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ’ গোৰে কৰা মন্তব্যক লৈ পাকিস্তানে তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। এই মন্তব্যৰ বিৰুদ্ধে আনুষ্ঠানিক প্ৰতিবাদ জনাবলৈ পাকিস্তানে আমেৰিকাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূতক তলব কৰিছে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত গোৰেৰ মন্তব্যক “বাস্তৱিকভাৱে ভুল” আৰু “দায়িত্বহীন” বুলি কোৱা হৈছে। পাকিস্তানে পুনৰ দাবী কৰিছে যে জম্মু-কাশ্মীৰ এটা বিতৰ্কিত অঞ্চল আৰু ইয়াৰ চূড়ান্ত মৰ্যাদা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ আৰু কাশ্মীৰী জনসাধাৰণৰ ইচ্ছা অনুসৰি নিৰ্ধাৰণ হ’ব লাগে।
গোৰেৰ মন্তব্যক নাকচ পাকিস্তানৰ
পাকিস্তানে কয় যে জম্মু-কাশ্মীৰক “ভাৰতৰ অংশ” বুলি কোৱা কথাটো তেওঁলোকে সম্পূৰ্ণৰূপে নাকচ কৰে। পাকিস্তানৰ মতে, এই মন্তব্য কাশ্মীৰ বিষয়ত আমেৰিকাৰ পূৰ্বৰ স্থিতিৰ সৈতেও মিল নাখায়। পাকিস্তানে লগতে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ এনে বক্তব্যই কাশ্মীৰ বিষয়ত আমেৰিকাৰ দীৰ্ঘদিনীয়া স্থিতিক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে। ইছলামাবাদে আমেৰিকাক আহ্বান জনাইছে যাতে কাশ্মীৰ সন্দৰ্ভত ভৱিষ্যতে কৰা ৰাজহুৱা মন্তব্য তেওঁলোকৰ পূৰ্বৰ নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ হয়। ইয়াৰ উপৰি পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ কথাও উল্লেখ কৰিছে। কাশ্মীৰ বিষয়ত ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰাৰ বাবে আমেৰিকাৰ পূৰ্বৰ প্ৰস্তাৱৰ কথাও পাকিস্তানে পুনৰ উত্থাপন কৰে।
কাশ্মীৰত কি কৈছিল ছাৰ্জিঅ’ গোৰে?
জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ’ গোৰে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক সাক্ষাৎ কৰে। সাক্ষাতৰ পিছত সাংবাদিকৰ সৈতে কথা পাতোঁতে তেওঁ জম্মু-কাশ্মীৰক “ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ” বুলি উল্লেখ কৰে। গোৰে কয় যে জম্মু-কাশ্মীৰলৈ এয়া তেওঁৰ প্ৰথম ভ্ৰমণ। অঞ্চলটোৰ সৌন্দৰ্যৰ প্ৰশংসা কৰি তেওঁ কয় যে কাশ্মীৰলৈ গৈ তেওঁ আনন্দিত হৈছে। গোৰে লগতে জম্মু-কাশ্মীৰৰ বাবে আমেৰিকাই জাৰি কৰা ভ্ৰমণ সতৰ্কবাণী পুনৰীক্ষণ কৰাৰ কথাও কয়। বৰ্তমান স*ন্ত্ৰাসবাদৰ আশংকাৰ বাবে আমেৰিকাই জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত লেভেল-৪, অৰ্থাৎ “ভ্ৰমণ নকৰাৰ” সতৰ্কবাণী প্ৰযোজ্য কৰি ৰাখিছে। ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে আমেৰিকাই বিভিন্ন দেশ আৰু অঞ্চলৰ ভ্ৰমণ সতৰ্কবাণী সময়ে সময়ে পুনৰ পৰ্যালোচনা কৰে। অৱশ্যে জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়ত এই বিষয়ত কোনো ডাঙৰ ঘোষণা নকৰাৰ কথাও তেওঁ স্পষ্ট কৰে। গোৰেৰ এই মন্তব্যৰ পিছতেই পাকিস্তানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত কাশ্মীৰক লৈ ভাৰত-পাকিস্তানৰ মাজত চলি থকা পুৰণি মতানৈক্য পুনৰ চৰ্চালৈ আহিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















