বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰিলে পাকিস্তানৰ বাবৰ আজমে, এতিয়া এই ক্ষেত্ৰত বিশ্বৰ ১ নম্বৰ খেলুৱৈ বাবৰ
টি-২০ বিশ্বকাপৰ পূৰ্বে ক্ৰিকেটৰ চুটি ফৰ্মেটত পাকিস্তানৰ অধিনায়ক বাবৰ আজমে নিজৰ নামত এক বৃহৎ অভিলেখ গঢ়িছে। ভাৰতীয় ধুৰন্ধৰ খেলুৱৈ বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰি নিজৰ নামত কৰিলে বাবৰে।
ইংলেণ্ডৰ আয়োজক দলৰ বিৰুদ্ধে শৃংখলাৰ চতুৰ্থ আৰু অন্তিমখন টি-২০ মেচত বাবৰে এই কৃতিত্ব অৰ্জন কৰে। এই মেচখনত বাবৰে ২২টা বলত ৩৬ ৰানৰ ইনিংছ খেলিছিল য’ত ৫টা চাৰি আৰু এটা ছয় আছিল। এই চুটি ইনিংছৰ পাছতে বাবৰে টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীক পিছ পেলাই।
বৰ্তমানে ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে বাবৰ। লণ্ডনৰ কেনিংটন অভালত খেলা এই মেচখনত বাবৰে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো ৪০০০ ৰান সম্পূৰ্ণ কৰে।
টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়গৰাকী বেটছমেন হিচাপে পৰিগণিত হৈছে বাবৰ আজম। এই তালিকাত বিৰাট কোহলীয়ে ৪০৩৭ ৰানেৰে প্ৰথম স্থানত থকাৰ বিপৰীতে বাবৰে ৪০২৩ ৰানেৰে দ্বিতীয় স্থানত আছে।
বাবৰে ইংলেণ্ডৰ বিৰুদ্ধে এতিয়ালৈকে মুঠ ১৮খন টি-২০ মেচ খেলিছে য’ত তেওঁ ৬৬০ ৰান সংগ্ৰহ কৰিছে, আনহাতে বিৰাট কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে খেলা সামগ্ৰিক ২০খন টি-২০ মেচত (ENG vs PAK) ৬৩৯ ৰান সংগ্ৰহ কৰিছে। এই তালিকাত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চে ৬১৯ ৰান সংগ্ৰহ কৰি তৃতীয় স্থানত আছে আৰু পাকিস্তানৰ উইকেটকীপাৰ মহম্মদ ৰিজৱানে ৫৬০ ৰানেৰে চতুৰ্থ স্থানত আছে।
কেৱল এই ৰেকৰ্ডেই নহয়, ৪০০০ ৰানৰ ক্ষেত্ৰতো ৰিবাটৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে বাবৰ। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত বিৰাট প্ৰথম হোৱাৰ বিপৰীতে বাবৰ দ্বিতীয় আৰু ৰোহিত শৰ্মা তৃতীয় স্থানত আছে। পাছে বাবৰে মাত্ৰ আৰু ১৫ ৰান সংগ্ৰহ কৰিলেই বিৰাট কোহলীৰ এই ৰেকৰ্ডো ভংগ হব।
উল্লেখ্য যে, বাবৰ আজম পাকিস্তানৰ প্ৰথমগৰাকী খেলুৱৈ, যিয়ে ৪০০০ ৰানৰ ঘৰ স্পৰ্শ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ