জয় শ্বাহৰ ডাঙৰ ঘোষণা, বিচিচিআইয়ে অলিম্পিক খেলুৱৈৰ বাবে মুকলি কৰিলে বৃহৎ পৰিমাণৰ ধন
পেৰিছ অলিম্পিক ২০২৪ আৰম্ভ হ’বলৈ আৰু বহু দিন বাকী নাই। এইবাৰ ভাৰতৰ পৰা অলিম্পিকত অংশগ্ৰহণ কৰিব ১১৭ গৰাকী খেলুৱৈয়ে। ইফালে বিচিচিআইয়ে এই খেলুৱৈসকলৰ বাবে মুকলি কৰিছে মোটা অংকৰ ধন।
ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহে ছ’চিয়েল মিডিয়াত ৮.৫ কোটি টকাৰ অনুদানৰ কথা ঘোষণা কৰিছে। X হেণ্ডেল যোগে সদৰি কৰে এই কথা।
২০২৪ চনৰ পেৰিছ অলিম্পিক সন্দৰ্ভত জয় শ্বাহে ছ’চিয়েল মিডিয়াত লিখিছে, ‘২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা আমাৰ অসাধাৰণ খেলুৱৈসকলক বিচিচিআইয়ে সহায় কৰিব বুলি ঘোষণা কৰি গৌৰৱ অনুভৱ কৰিছো। আমি এই অভিযানৰ বাবে আই অ’ এক ৮.৫ কোটি টকা আগবঢ়াইছো। আমাৰ সমগ্ৰ দলটোক আমি শুভকামনা জনাইছো। ভাৰতক গৌৰৱান্বিত কৰক! জয় হিন্দ।’
https://x.com/JayShah/status/1815010269715972178
উল্লেখ্য যে, ২৬ জুলাই শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব খেলা জগতৰ মহাকুম্ভ। অহা ১১ আগষ্টলৈকে ১৭ দিন ধৰি চলিব এই প্ৰতিযোগিতা। ২৬ জুলাইত মুকলি সভা অনুষ্ঠিত হোৱাৰ বিপৰীতে ১১ আগষ্টত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। অৱশ্যে ২৪ জুলাইৰ পৰাই কিছু খেল আৰম্ভ হ’ব।
এইবাৰ মুকলি অনুষ্ঠান চেইন নদীৰ ওপৰত অনুষ্ঠিত হ’ব। এইবাৰ ভাৰতে পদকৰ সংখ্যাক অধিক জয়ৰ বাবে চেষ্টা কৰিব। টকিঅ’ অলিম্পিকত ভাৰতে এটা স্বৰ্ণসহ মুঠ ৭টা পদক লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















