পেৰিছ অলিম্পিক-২০২৪ৰ পঞ্চম দিনটোও ভাৰতৰ বাবে হৈ উঠিছে আশাব্যঞ্জক৷
আশা কৰাধৰণেই ফল দেখুৱাইছে অসম কন্যা তথা ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাইয়ে৷
লাভলীনাৰ শক্তিশালী এটা এটা পাঞ্চে ধৰাশায়ী কৰিলে নৰৱেৰ খেলুৱৈক৷
৫-০ত নৰৱেৰ খেলুৱৈক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ লাভলীনা বৰগোঁহাই৷
টকিঅ’ত ব্ৰঞ্জৰ পদক লাভ কৰা এই বক্সাৰগৰাকীয়ে ৭৫ কেজি ওজনৰ শাখাত নৰৱেৰ ছানিভা হাফষ্টেডক পৰাস্ত কৰিছে৷
নৰৱেৰ বক্সাৰগৰাকীয়ে এটাও পাঞ্চ মাৰিব নোৱাৰিলে লাভলীনাক৷
কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চীনৰ খেলুৱৈৰ সৈতে মুখামুখি হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ