পেৰালিম্পিকত আজি ভাৰতে উৰুৱাব পাৰে পতাকা, প্ৰথমটো সোণৰ পদকৰ সম্ভাৱনা
পেৰিছ পেৰালিম্পিক ২০২৪ ৰ আজিৰ দ্বিতীয় দিনটোত ভাৰতীয় খেলুৱৈসকলে বিভিন্ন খেলত নিজৰ প্ৰত্যাহ্বান দাঙি ধৰিব। আজি হয়তো ভাৰতে প্ৰথম পদক লাভ কৰিব পাৰে। যোৱা পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অৱনী লেখাৰাই আজি ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ ১ অৰ্হতাত অংশগ্ৰহণ কৰিব। যদি অৱনীয়ে যোগ্যতা অৰ্জন কৰে তেন্তে ফাইনেলত পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।
ইয়াৰ উপৰিও পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ১ শাখাতো মনীষ নৰৱাল শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হ’ব। টকিঅ’ত অনুষ্ঠিত হোৱা মিক্সড ৫০ মিটাৰ পিষ্টল এছ এইচ ১ প্ৰতিযোগিতাতো স্বৰ্ণ পদক লাভ কৰিছিল মনীষ নৰৱালে।
পেৰিছ পেৰালিম্পিকত আজি ভাৰতৰ খেল
পেৰা বেডমিণ্টন
মহিলাৰ একক SL3 গ্ৰুপ প্লে ষ্টেজ (দুপৰীয়া ১২)
পুৰুষৰ একক SL3 গ্ৰুপ প্লে ষ্টেজ (১:২০ বজাত)
পুৰুষৰ একক SL4 গ্ৰুপ প্লে ষ্টেজ (২:৪০ বজাত)
পেৰা শ্বুটিং
অৱনী লেখাৰা, মোনা আগৰৱালা মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SH1 অৰ্হতা (নিশা ১২:৩০ বজাত)
পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ১ অৰ্হতা (২:৪৫ বজাত)
পেৰা এথলেটিকছ
মহিলাৰ ডিস্কাছ থ্ৰ’ – F55 ফাইনেল (১:৩০ বজাত)
পেৰা টেবুল টেনিছ
মহিলা ডাবলছ ডব্লিউ ডি ১০ কোৱাৰ্টাৰ ফাইনেল (বিয়লি ১:৩০ বজাত)
পেৰা ৰ’য়িং (rowing)
PR3 মিক্সড ডাবল স্কালছ হিটছ (3pm)
পেৰা আৰ্চাৰী
মহিলাৰ ব্যক্তিগত কম্পাউণ্ড মুকলি ১/১৬ এলিমিনেচন (বিয়লি ৩:০৩ বজাত)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ