অসম লাইভ২৪ঃ গুৱাহাটী মহানগৰবাসীলৈ আকৌ এটা বেয়া খবৰ৷ মহানগৰীত এতিয়াৰে পৰা বিনামূলীয়া নহ’ব গাড়ীৰ পাৰ্কিং৷ য’তে ত’তে মহানগৰবাসীয়ে ৰাখিব নোৱাৰিব গাড়ী৷ গুৱাহাটী পৌৰ নিগমে লৈছে বিশেষ সিদ্ধান্ত।
মেয়ৰ মৃগেন শৰণীয়াই প্ৰকাশ কৰামতে, গুৱাহাটীত নতুনকৈ প্ৰদান কৰা হৈছে ৫২ টা পাৰ্কিং। এই পাৰ্কিঙত গাড়ী ৰখালে গুৱাহাটীবাসীয়ে দিব লাগিব ধন। অৱশ্যে বিনামূলীয়া পাৰ্কিঙো থাকিব বুলি স্পষ্ট কৰিলে মৃগেন শৰণীয়াই। গুৱাহাটীত নতুনকৈ আৰু কেইবাটাও পাৰ্কিং প্ৰদান কৰা হ’ব বুলিও জনায় তেওঁ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ