ৰাজ্যজুৰি এতিয়া এটাই দাবী গুঞ্জৰিত হৈছে৷ জুবিন গাৰ্গৰ ন্যায় লাগে৷ জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত কি হৈছিল সেই তথ্য অসমবাসীয়ে জানিব খোজে৷ কি শিল্পী, কি সাধাৰণ জনতা সকলোৱে একেমুখে তুলিছে এই দাবী৷ কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ এসময়ৰ সহকণ্ঠশিল্পী জুবলি বৰুৱাই শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট৷ সেই পোষ্টত তেওঁ গাঁঠি দিছে মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই লিখা এটা কবিতাও৷ জুবলি বৰুৱাই লিখিছে-
“সত্য আৰু ন্যায়ৰ অপেক্ষাত”
মোৰ মনৰ কথাবোৰ যেন ডঃ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াৰ কবিতাৰ জৰিয়তে প্ৰকাশ পালে।
“ এখন দেশত এজন ৰজা আছিল
কিন্ত তেওঁ সেই দেশখনৰ ৰজা নাছিল
তেওঁ সিংহাসনত নবহিছিল
হাতত তৰোৱাল নাছিল
নাছিল মুকুটো
তেওঁ মানুহৰ মাজতেই আছিল
আৰু
আৱেগবোৰ গান কৰি গাইছিল
তেওঁ আছিল
সুৰৰ ৰজা
সেই দেশখনত
ৰজা হ’ব খোজাৰো অভাৱ নাছিল
উভৈনদী আছিল
ৰাজ্য পাতিবলৈ মাটি বিছাৰি এওঁলোক পাগল হৈছিল
সুযোগ পালে
ৰাজ্য কঢ়াৰ চেষ্টাতো আছিল
আন কিছুমানে
ৰাইজৰ অন্তৰত ঠাই বিছাৰি
দুৰ্দান্ত অভিনয় কৰিছিল
জনতাই কিন্ত বিছাৰিছিল
সুৰ
হৃদয়ৰ পৰা ওলোৱা
এদিন
তেওঁ নোহোৱা হৈ গ’ল
হঠাতে আচম্বিতে
সকলো এৰি গুচি গ’ল
গ’ল মানে গ’লেই
নাইকিয়া হৈ গ’ল
কেউফালে হাহাকাৰ লাগি গ’ল
আকাশ ফাটি গ’ল
চকুপানীৰ ভৰ
মাটিয়ে ল’ব নোৱাৰা হ’ল
মানুহবোৰ পাগল হৈ গ’ল
প্ৰত্যাশী ৰজাবোৰ সক্ৰিয় হ’ল
অভিনয় বিশেষজ্ঞ
গধূলিৰ কথাশিল্পী
সকলো সক্ৰিয় হ’ল
লগতে ভীষণ সক্ৰিয় হ’ল
যি তেওঁ হ’ব বিছাৰিছিল
কিন্ত হ’ব নোৱাৰি
হিংসাত ডেই পুৰি মৰিছিল
এয়াই সময়
ৰাজ্য দখলৰ চেষ্টা কৰাৰ
হেডলাইন হৈ প্ৰাসংগিকতা লভাৰ
গ্ৰহণযোগ্যতা পুনৰুদ্ধাৰ কৰাৰ
তেওঁ হ’ব নোৱাৰাৰ
প্ৰতিশোধ লোৱাৰ
এই ৰজা হ’ব খোজাখিনিয়ে
প্ৰজাৰ কান্দোন নুবুজে
নুবুজে যে
সিহঁতে সুৰ বিছাৰি কান্দিছে
সুৰ ধৰি ৰাখিব বিছাৰিছে
সিংহাসন সিহঁতে নাজানে
কাৰণ সুৰৰ ৰজা
মঞ্চলৈ অহাৰ আগতে
সিহঁতৰ হৃদয়লৈ আহিছিল
আৱেগৰ সুৰেৰে
যি সুৰ কেতিয়াও নমৰে
পুৱাৰ কুঁহিপাত
সন্ধিয়াৰ বতাহত
বৰষুণৰ শব্দত
সেই সুৰ বাজে
তেওঁ আছিল
হৃদয়ৰ ৰজা
সুৰৰ ৰজা
আৱেগ বুজা ৰজা
তেওঁ সিংহাসনত বহা নাছিল।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ