• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিংহাসনত নবহা ৰজা…মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ এটা বিশেষ কবিতাৰে কণ্ঠশিল্পী জুবলীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়

সিংহাসনত নবহা ৰজা…মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ এটা বিশেষ কবিতাৰে কণ্ঠশিল্পী জুবলীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়

11 months ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

3 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

4 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

5 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

5 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

5 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

6 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

6 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

7 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

7 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

9 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

9 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সিংহাসনত নবহা ৰজা…মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ এটা বিশেষ কবিতাৰে কণ্ঠশিল্পী জুবলীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়

সিংহাসনত নবহা ৰজা...মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ এটা বিশেষ কবিতাৰে কণ্ঠশিল্পী জুবলীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়

editor by editor
October 13, 2025
in অসম, জীৱনশৈলী
0
সিংহাসনত নবহা ৰজা…মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ এটা বিশেষ কবিতাৰে কণ্ঠশিল্পী জুবলীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ৰাজ্যজুৰি এতিয়া এটাই দাবী গুঞ্জৰিত হৈছে৷ জুবিন গাৰ্গৰ ন্যায় লাগে৷ জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত কি হৈছিল সেই তথ্য অসমবাসীয়ে জানিব খোজে৷ কি শিল্পী, কি সাধাৰণ জনতা সকলোৱে একেমুখে তুলিছে এই দাবী৷ কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ এসময়ৰ সহকণ্ঠশিল্পী জুবলি বৰুৱাই শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট৷ সেই পোষ্টত তেওঁ গাঁঠি দিছে মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই লিখা এটা কবিতাও৷ জুবলি বৰুৱাই লিখিছে-
“সত‍্য আৰু ন‍্যায়ৰ অপেক্ষাত”
মোৰ মনৰ কথাবোৰ যেন ডঃ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াৰ কবিতাৰ জৰিয়তে প্ৰকাশ পালে।
এবাৰ পঢ়িব।
— সিংহাসনত নবহা ৰজা —
“ এখন দেশত এজন ৰজা আছিল
কিন্ত তেওঁ সেই দেশখনৰ ৰজা নাছিল
তেওঁ সিংহাসনত নবহিছিল
হাতত তৰোৱাল নাছিল
নাছিল মুকুটো
তেওঁ মানুহৰ মাজতেই আছিল
আৰু
আৱেগবোৰ গান কৰি গাইছিল
তেওঁ আছিল
সুৰৰ ৰজা
সেই দেশখনত
ৰজা হ’ব খোজাৰো অভাৱ নাছিল
উভৈনদী আছিল
ৰাজ‍্য পাতিবলৈ মাটি বিছাৰি এওঁলোক পাগল হৈছিল
সুযোগ পালে
ৰাজ‍্য কঢ়াৰ চেষ্টাতো আছিল
আন কিছুমানে
ৰাইজৰ অন্তৰত ঠাই বিছাৰি
দুৰ্দান্ত অভিনয় কৰিছিল
জনতাই কিন্ত বিছাৰিছিল
সুৰ
হৃদয়ৰ পৰা ওলোৱা
এদিন
তেওঁ নোহোৱা হৈ গ’ল
হঠাতে আচম্বিতে
সকলো এৰি গুচি গ’ল
গ’ল মানে গ’লেই
নাইকিয়া হৈ গ’ল
কেউফালে হাহাকাৰ লাগি গ’ল
আকাশ ফাটি গ’ল
চকুপানীৰ ভৰ
মাটিয়ে ল’ব নোৱাৰা হ’ল
মানুহবোৰ পাগল হৈ গ’ল
প্ৰত‍্যাশী ৰজাবোৰ সক্ৰিয় হ’ল
অভিনয় বিশেষজ্ঞ
গধূলিৰ কথাশিল্পী
সকলো সক্ৰিয় হ’ল
লগতে ভীষণ সক্ৰিয় হ’ল
যি তেওঁ হ’ব বিছাৰিছিল
কিন্ত হ’ব নোৱাৰি
হিংসাত ডেই পুৰি মৰিছিল
এয়াই সময়
ৰাজ‍্য দখলৰ চেষ্টা কৰাৰ
হেডলাইন হৈ প্ৰাসংগিকতা লভাৰ
গ্ৰহণযোগ‍্যতা পুনৰুদ্ধাৰ কৰাৰ
তেওঁ হ’ব নোৱাৰাৰ
প্ৰতিশোধ লোৱাৰ
এই ৰজা হ’ব খোজাখিনিয়ে
প্ৰজাৰ কান্দোন নুবুজে
নুবুজে যে
সিহঁতে সুৰ বিছাৰি কান্দিছে
সুৰ ধৰি ৰাখিব বিছাৰিছে
সিংহাসন সিহঁতে নাজানে
কাৰণ সুৰৰ ৰজা
মঞ্চলৈ অহাৰ আগতে
সিহঁতৰ হৃদয়লৈ আহিছিল
আৱেগৰ সুৰেৰে
যি সুৰ কেতিয়াও নমৰে
পুৱাৰ কুঁহিপাত
সন্ধিয়াৰ বতাহত
বৰষুণৰ শব্দত
সেই সুৰ বাজে
তেওঁ আছিল
হৃদয়ৰ ৰজা
সুৰৰ ৰজা
আৱেগ বুজা ৰজা
তেওঁ সিংহাসনত বহা নাছিল।”
—————————————-
#JusticeForZubeenGarg

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
Next Post
দীপাৱলিত বিৰল ত্ৰিগ্ৰহী যোগ, ঘূৰিব কোন কোন ৰাশিৰ ভাগ্যৰ চকা,  কোন কোন ৰাশিৰ হাতলৈ আহিব টকা?

দীপাৱলিত বিৰল ত্ৰিগ্ৰহী যোগ, ঘূৰিব কোন কোন ৰাশিৰ ভাগ্যৰ চকা, কোন কোন ৰাশিৰ হাতলৈ আহিব টকা?

কাইলৈৰ ৰাশিফলঃ কৃষ্ণা অষ্টমীত শিৱ যোগ, বজৰংবলীৰ কৃপাত বিপদ আঁতৰিব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ কৃষ্ণা অষ্টমীত শিৱ যোগ, বজৰংবলীৰ কৃপাত বিপদ আঁতৰিব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.