অসম লাইভ ২৪ঃ কাৰাগাৰৰ ভিতৰত সুৰাৰ পাৰ্টী৷ ছ’চিয়েল মিডিয়াত ভাইৰেল কাৰাগাৰৰ ভিতৰত সুৰাৰ পাৰ্টীত মত্ত গেংষ্টাৰৰ এটি বিশেষ ভিডিঅ’৷ দিল্লীৰ মাণ্ডোলী জে’লৰ ভিতৰৰ এই দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ দৃশ্যত প্ৰত্যক্ষ কৰা লোককেইজন ম’ষ্ট ৱাণ্টেড অপৰাধী নীৰজ বাৱানাৰ গ্ৰুপৰ বুলি জনা গৈছে৷ ভাইৰেল ভিডিঅ’টোত দেখা পোৱা গৈছে ৪-৫ গৰাকী ব্যক্তিক৷ এই সকলৰ ভিতৰত আছে অপৰাধী ৰাহুল কালা আৰু নবীন বালী৷ এই দুয়োগৰাকী অপৰাধী নীৰজ বাৱানাৰ গ্ৰুপৰ৷ কাৰাগাৰত বন্দী অন্য অপৰাধীয়ে ৰেকৰ্ড কৰিছে ভিডিঅ’টো৷ ভিডিঅ’টোৰ সত্যতা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে৷ মাণ্ডোলী জে’লৰ স্পেচিয়েল চেলৰ বিষয়ায়ো অব্যাহত ৰাখিছে তদন্ত৷ ইয়াৰ বিপৰীতে একাংশৰ মতে, ভিডিঅ’টো তিহাৰ জে’লৰ এটি পুৰণি ভিডিঅ’৷ এই সন্দৰ্ভত তিহাৰ জে’লৰ ডিজি সন্দীপ গোৱেলে অনুসন্ধানৰ নিৰ্দেশ দিয়ে জে’ল কৰ্তৃপক্ষক৷ ভিডিঅ’টো ক’ত, কেতিয়া, কেনেকৈ ৰেকৰ্ড কৰা হৈছিল এই সন্দৰ্ভত সম্প্ৰতি বিভিন্ন পৰ্যায়ত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ বিশেষ শাখাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ