অসম লাইভ২৪ঃ কিং ইজ বেক! বুধবাৰে পাঠান মুক্তিৰ লগে লগে সকলোৰে মুখে মুখে একেই কথা। প্ৰতিটো দৰ্শনীতেই ভাৱিব নোৱাৰা দৰ্শক। এবাৰ দুবাৰ নহয় বহুতেই আকৌ আটাইকেইটা প্ৰদৰ্শনীয়েই চাইছে।
শ্বাহৰুখৰ পাঠানে মুক্তিৰ দিনাই দেখিছে লাভৰ মুখ। ছবিখন মুক্তিৰ দিনাই প্ৰায় ৫৫ কোটিৰ ব্যৱসায় কৰিছে যশৰাজ ফিল্মছ প্ৰযোজিত পাঠানে। দক্ষিণৰ ছবি কেজিএফৰো ৰেকৰ্ড ভংগ কৰিছে পাঠানে। দক্ষিণৰ ছবি কেজিএফে মুক্তিৰ প্ৰথম দিনটোত উপাৰ্জন কৰিছিল ৫৩ কোটি ৯৫ লাখ টকা। দক্ষিণৰ ছবিয়ে বলীউডক টক্কৰ দিয়া বুলি কওতেই দক্ষিণক পিছপেলাই আগবাঢ়িছে পাঠান।
পাঠানে পিভিআৰ, আইনক্স, চিনেপলিছৰ পৰা উপাৰ্জন কৰিছে ২৭ কোটিৰো অধিক ধন। প্ৰতিদ্বন্দী হৃতিক ৰোছন, আমিৰ খান, ছলমান খান, সকলোৰেই ছবিলৈ বেয়া দিন বুলি অহা বুলি চৰ্চা চলোৱাৰ সময়তে শ্বাহৰুখে বলীউডক পাঠানৰ জৰিয়তে দিছে ভাল দিন অহাৰ খবৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ