প্ৰত্যেক মানুহৰ জীৱনত সাফল্যৰ সময় পৃথক হয়৷ কাৰোবাৰ যদি ৪০ বছৰত সাফল্য আহে কাৰোবাৰ সাফল্য আহে ২৫ বছৰ বয়সত৷ সংখ্যাতত্ত্ব বা নিউমাৰোলজি অনুসৰি জন্মৰ তাৰিখৰ ভিত্তিত নিৰ্ধাৰিত মূল্যাঙ্গই মানুহৰ জীৱনত বহু দিশ বিশেষকৈ কেৰিয়াৰ আৰু আৰ্থিক সাফল্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়৷ সূৰ্য, বুধ আৰু শুক্ৰ গ্ৰহক ধন, সাফল্য আৰু কৰ্মজীৱনৰ প্ৰধান কাৰক বুলি কোৱা হয়৷ এই গ্ৰহসমূহৰ শুভ প্ৰভাৱ যাৰ ওপৰত বেছি থাকে তেতিয়াই জীৱনত দেৰীকৈ হলেও সাফল্য আহে৷ বিশেষকৈ ৪০ বছৰৰ পাছত বহুতৰে জীৱন হঠাৎ সলনি হয়৷ জানি থওক কোন কোন মূল্যাঙ্কৰ মানুহ এই ভাগ্যৰ অধিকাৰী৷
মূল্যাঙ্ক ১ (১, ১০, ১৯, ২৮ তাৰিখে জন্ম)
যিসকলৰ জন্ম মাহৰ ১, ১০, ১৯ বা ২৮ তাৰিখে তেওঁলোকৰ মূল্যাংক হৈছে ১৷ এই মূল্যাঙ্কৰ অধিপতি স্বয়ং সূৰ্য৷ সূৰ্য হৈছে ক্ষমতা, ৰাজনীতি আৰু যশৰ প্ৰতীক৷ এই জাতকে চৰকাৰী ক্ষেত্ৰত সাফল্য লাভ কৰে৷ বহুতৰে ক্ষেত্ৰত দেখা যায় বয়স ৪০ পাৰ হোৱাৰ পাছত তেওঁলোকে কোনো প্ৰশাসনিক পদ লাভ কৰে৷ ইয়াৰোপৰি ৰাজনীতিত উচ্চপদ লাভৰ সম্ভাৱনাও আছে৷
মূল্যাংক ৫(৫, ১৪, ২৩ তাৰিখে জন্ম)
যিসকলৰ জন্ম মাহৰ ৫, ১৪ বা ২৩ তাৰিখে তেওঁলোকৰ মূল্যাংক৫৷ এই সংখ্যাৰ অধিপতি হৈছে বুধ গ্ৰহ৷ বুধ, বুদ্ধি আৰু ব্যৱসায়ৰ কাৰক গ্ৰহ৷ তেওঁলোকৰ ব্যৱসায়িক বুদ্ধি জন্মগত৷ খুব অলপ পুঁজি লৈ ব্যৱসায় আৰম্ভ কৰিলেও তেওঁলোকে বিশাল সাম্ৰাজ্য তৈয়াৰ কৰিব পাৰে৷ ৪০ বছৰ বয়সৰ পাছত তেওঁলোকে ব্যৱসায়ত দেশৰ গণ্ডি পাৰ হৈ বিদেশলৈকো যোৱাৰ সম্ভাৱনা আছে৷ কঠোৰ পৰিশ্ৰম আৰু বুদ্ধিৰ জোৰত তেওঁলোকে শূন্যৰ পৰা শিখৰলৈ যায়৷
মূল্যাংক ৬ (৬, ১৫, ২৪ তাৰিখে জন্ম)
যিসকলৰ জন্ম মাহৰ ৬, ১৫ বা ২৪ তাৰিখে তেওঁলোকৰ মূল্যাংক ৬৷ এই মূল্যাংকৰ অধিপতি শুক্ৰ গ্ৰহ৷ যি ধন সম্পদ আৰু সুখ স্বাচ্ছন্দ্যৰ প্ৰতীক৷ এই জাতক অত্যন্ত সৌভাগ্যবান হয়৷ সাধাৰণতে তেওঁলোকে বিলাসী জীৱন যাপন কৰিবলৈ সুযোগ পায়৷ গ্লেমাৰ, মিডিয়া, ফেশ্ব্যন, ব্যৱসায়ত তেওঁলোকে প্ৰচুৰ উন্নতি কৰিব পাৰে৷
ভাগ্যৰ পৰিবৰ্তন কেতিয়া?
এই তিনিটা মূল্যাংকৰ মানুহৰ ক্ষেত্ৰত এক বিষয় বিশেষভাৱে লক্ষ্যণীয়৷ জীৱনৰ প্ৰথম দিশত হয়তো তেনে সাফল্য নাহে, কিন্তু ৩৫-৪০ বছৰৰ পাছত ভাগ্য হঠাৎ ঘূৰি যায়৷ তেতিয়াই তেওঁলোকে তেওঁলোকৰ প্ৰকৃত অৱস্থান পায়গৈ আৰু জীৱনত স্থিতি আৰু সমৃদ্ধি আহে৷
সংখ্যাতত্ত্ব অনুসৰি এই বিশেষ মূল্যাঙ্কসমূহৰ ওপৰত গ্ৰহৰ শুভ প্রভাৱ থাকিলেও আলস্য ত্যাগ কৰি পৰিশ্ৰম কৰা অত্যন্ত প্ৰয়োজন৷ ৪ৰ ঘৰত ভৰি দিলেই মূলত ভাগ্যৰ দুৱাৰ তেওঁলোকৰ বাবে সম্পূৰ্ণৰূপে খুলি যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















