যদি আপোনাৰ মূল্যাংক ৯ হয় তেন্তে আপুনি সঁচায়ে ভাগ্যবান বুলি বিবেচিত৷ কাৰণ এই সংখ্যাৰ অধিপতি মঙ্গলে আপোনাক প্ৰচুৰ শক্তি, তীক্ষ্ণ বুদ্ধিমত্তা আৰু দুৰ্দান্ত সাফল্য অৰ্জনৰ ক্ষমতা প্ৰদান কৰে৷ মূল্যাংক ৯ৰ লোকসকল কঠোৰ পৰিশ্ৰম, সাহস আৰু দুৰদৰ্শিতাৰ জোৰত জীৱনত প্ৰচুৰ সম্পদ অৰ্জন কৰিবলৈ সক্ষম হয়৷
জ্যোতিষশাস্ত্ৰ অনুসৰি যিসকলে ৯, ১৮, ২৭ তাৰিখে জন্মগ্ৰহণ কৰে তেওঁলোকৰ মূল্যাংক-৯৷ মঙ্গলৰ প্ৰভাৱৰ কাৰণে এই মূল্যাংকৰ ব্যক্তি অত্যন্ত উদ্যমী আৰু দৃঢ়প্ৰতিজ্ঞ হয়৷ সেই কাৰণেই তেওঁলোকে যিকোনো কামতে সাফল্য অৰ্জন কৰে৷
৯ মূল্যাংকযুক্ত ব্যক্তি অসাধাৰণ বুদ্ধিমত্তাৰ অধিকাৰী৷ তেওঁলোকে তীক্ষ্ণ চিন্তাভাৱনা আৰু দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতাই তেওঁলোকক যিকোনো ক্ষেত্ৰত বিশেষজ্ঞ কৰি তোলে৷ তেওঁ আৰ্থিক বিষয়ত সৰ্বদা আগুৱাই থাকে আৰু তেওঁলোকৰ সম্পদৰ অভাৱ নহয়৷ তেওঁলোকৰ স্বভাৱ আত্মবিশ্বাসী আৰু নিৰ্ভীক হয়৷ মঙ্গলৰ প্ৰভাৱৰ কাৰণে তেওঁলোকৰ মাজত সাহস আৰু নেতৃত্বৰ ক্ষমতা প্ৰবল হয় যদিও কেতিয়াবা কেতিয়াবা তেওঁলোক কিছু খঙালো হৈ পৰে৷
ব্যৱসায়, ব্যৱস্থাপনা আৰু কৃষি সম্পৰ্কিত কাৰ্যকলাপত তেওঁলোকৰ সাফল্যৰ সম্ভাৱনা বেছি থাকে যাৰ কাৰণে তেওঁলোকে ভাল লাভ পাব পাৰে৷ মঙ্গলবাৰে হনুমান চালিছা পাঠ কৰক৷ ৰঙা বা কমলা ৰঙৰ পোছাক পিন্ধক ই শুভ ফল দিয়ে৷ এই দিনটোত নতুন কাম আৰম্ভ কৰিলে সাফল্যৰ সম্ভাৱনা বৃদ্ধি পায়৷ আপোনাৰ মূল্যাংক ৯ নম্বৰ হলে সঠিক পথত আগুৱাই যাওক সাফল্যই নহ. সম্পদ আৰু খ্যাতিও আপোনাৰ জীৱনত স্থায়ীভাৱে থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















