অসম লাইভ ২৪ঃ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ৷ বৃহস্পতিবাৰে হোৱাইট হাউচত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ গনতন্ত্ৰ, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিবৰ্তনসহ কেইবাটাও বিষয়ত আলোচনাত মিলিত হয় দুয়োগৰাকী ব্যক্তি৷ ভাৰতক আমেৰিকাৰ ‘মিত্ৰ’ বুলি উল্লেখ কৰে হেৰিছে৷ লগতে আমেৰিকা আৰু ভাৰতৰ মাজৰ দ্বি-পাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিবলৈ বিভিন্ন সমস্যা সন্দৰ্ভতো আলোচনা কৰে দুয়োগৰাকী নেতাই৷ বৈঠককালত সন্ত্ৰাসবাদৰ প্ৰসংগত পাকিস্তানৰ ভূমিকাৰ কথা নিজেই উল্লেখ কৰে কমলা হেৰিছে৷ ভাৰত-আমেৰিকাৰ সুৰক্ষা প্ৰসংগতো আলোচনা হয় বৈঠকত৷ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে হোৱা মোদীৰ বৈঠকে ভাৰত আৰু আমেৰিকাৰ মাজৰ দ্বি-পাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশাবাদী মোদী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ