১১ বছৰৰ মূৰকত RSSৰ মূখ্যকাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী
১১ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে নাগপুৰস্থিত RSSৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আজি ৩০ মাৰ্চ পুৱা মোদীয়ে ইয়াৰ স্মৃতি মন্দিৰত RSS প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সময়ছোৱাত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতও মোদীক সংগ দিয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে স্মৃতি মন্দিৰৰ দৰ্শনাৰ্থী পুথিতো এক বিশেষ বাৰ্তাৰ সৈতে স্বাক্ষৰ কৰে।
মোদীয়ে লিখিছে, ‘অতি সন্মানীয় ড০ হেডগেৱাৰ আৰু শ্ৰদ্ধাৰ গুৰুজীলৈ শতকোটি প্ৰণাম। তেওঁৰ স্মৃতিবোৰক সংৰক্ষণ কৰা এই স্মৃতি মন্দিৰলৈ আহি মই আপ্লুত হৈ পৰিছো। ভাৰতীয় সংস্কৃতি, জাতীয়তাবাদ আৰু সংগঠনৰ মূল্যবোধৰ প্ৰতি উৎসৰ্গিত এই স্থানে আমাক জাতীয় সেৱাত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘সংঘৰ দুটা শক্তিশালী স্তম্ভৰ এই স্থান দেশৰ সেৱাত উৎসৰ্গিত লাখ লাখ স্বেচ্ছাসেৱকৰ শক্তিৰ উৎস। আমাৰ প্ৰচেষ্টাৰ দ্বাৰা ভাৰত মাতৃৰ গৌৰৱ সদায় বৃদ্ধি হওক।
মোদীক নাগপুৰত আদৰণি জনায় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা নাগপুৰৰ সাংসদ নীতিন গাডকাৰীয়ে।
উল্লেখ্য যে এই ভ্ৰমণৰ সময়ত পি এম মোদীয়ে আৰ এছ এছৰ অন্যতম প্ৰতিষ্ঠাপক গোলৱালকাৰৰ স্মৃতিত নিৰ্মাণ কৰা ছুপাৰ স্পেচিয়েলিটি চকু চিকিৎসালয় ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেণ্টাৰ’ৰ আধাৰশিলাও স্থাপন কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ