• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হনুমানৰ দৰেই কঠোৰ হওক, ৰাক্ষসৰ বিৰুদ্ধে আমাৰ এই যুঁজ! বিজেপিৰ প্ৰতিষ্ঠা দিৱসত কৰ্মীলৈ কি কি বাৰ্তা মোদীৰ?

হনুমানৰ দৰেই কঠোৰ হওক, ৰাক্ষসৰ বিৰুদ্ধে আমাৰ এই যুঁজ! বিজেপিৰ প্ৰতিষ্ঠা দিৱসত কৰ্মীলৈ কি কি বাৰ্তা মোদীৰ?

3 years ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

16 minutes ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

54 minutes ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

2 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

2 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

3 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

4 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

5 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হনুমানৰ দৰেই কঠোৰ হওক, ৰাক্ষসৰ বিৰুদ্ধে আমাৰ এই যুঁজ! বিজেপিৰ প্ৰতিষ্ঠা দিৱসত কৰ্মীলৈ কি কি বাৰ্তা মোদীৰ?

editor by editor
April 6, 2023
in ভাৰত, ৰাজনীতি
0
হনুমানৰ দৰেই কঠোৰ হওক, ৰাক্ষসৰ বিৰুদ্ধে আমাৰ এই যুঁজ! বিজেপিৰ প্ৰতিষ্ঠা দিৱসত কৰ্মীলৈ কি কি বাৰ্তা মোদীৰ?
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঘটনাক্ৰমে এইবাৰ দুটা বিশেষ দিন একলগ হৈছে। হনুমান জয়ন্তী আৰু বিজেপিৰ প্ৰতিষ্ঠা দিৱস। বৃহস্পতিবাৰে দলটোৰ জন্মদিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে দলৰ নেতাকৰ্মীসকলক হনুমানৰ দৰে হ’বলৈ আহ্বান জনাইছে। সংসদৰ বালাযোগী প্ৰেক্ষাগৃহত বিজেপিয়ে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসত প্রধানমন্ত্ৰী মোদী ভাৰ্ছুৱেলী উপস্থিত থকাৰ বিপৰীতে কেন্দ্ৰীয় বহু নেতা কৰ্মীসহিতে বিজেপিৰ সভাপতি জেপি নাড্ডাও উপস্থিত আছে। ভাৰ্ছুৱেলী মোদীয়ে দাঙি ধৰা বক্তৃতাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে।

‘ৰাক্ষসক পৰাস্ত কৰিবৰ বাবে হনুমান যেনেকৈ কঠোৰ হৈছিল তেনেকৈয়ে আপোনালোকেও মানসিকভাৱে প্ৰস্তুত হওক। ভাৰতমাতাক মুক্ত কৰিব লাগিব।’ বিজেপিৰ প্ৰতিষ্ঠা দিৱসত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। বিগত ৪৩ বছৰৰ বিজেপি নেতা-কৰ্মীৰ অক্লান্ত পৰিশ্ৰমৰ ফলতেই দলটো আজি শীৰ্ষত উপনীত হৈছে বুলিও দাবী কৰিছে প্রধানমন্ত্ৰীয়ে। প্রধানমন্ত্ৰী মোদীয়ে কয়, ‘ইয়াতেই ৰৈ গ’লে নহ’ব। আমি আৰু আগুৱাই যাব লাগিব। ডাঙৰ সপোন দেখি সেই সপোন পূৰ্ণ কৰাৰ ক্ষমতা আমাৰ আছে।’ ২০২৪ চনৰ লোকসভা নিৰ্বাচনো ২০১৪ চনৰ ধাৰাবাহিকতা অটুত ৰাখিবলৈ সক্ষম হ’ব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰতিষ্ঠা দিৱসত মোদীয়ে কংগ্ৰেছৰ পৰিয়ালতন্ত্ৰৰ কথাও উত্থাপন কৰে। ২০২৪ ৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰা কাৰো পক্ষে সম্ভৱ নহ’ব বুলি কোৱাৰ উপৰিও মোদীয়ে কয় যে, ১৯৪৭ চনত ব্ৰিটিছে ভাৰত এৰিলেও তেওঁলোকৰ গোলামীৰ মানসিকতা শেষ হোৱা নাই। নিজৰ চৰকাৰৰ সাফল্যৰ কথা প্ৰকাশ কৰিবলৈ গৈ মোদীয়ে লগতে কয় যে, জম্মু কাশ্মীৰৰ ৩৭০ ধাৰা বাতিল কৰাটো প্ৰধান সাফল্য। এই ধাৰা উঠাই লোৱাৰ পাছতেই কাশ্মীৰত শান্তিৰ সুৰ্যোদয় হৈছে।

ইতিহাসে দাবী কৰামতে, জনসংঘৰ পৰা ১৯৮০ চনত জন্মলাভ কৰা বিজেপি দলৰ উত্থান একে ৰাতিৰ ভিতৰত হোৱা নাই। অটলবিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানীকে ধৰি বহু নেতাৰ কষ্ট পৰিশ্ৰমৰ ফলতেই দলটোৱে এই পৰ্যায় পাইছে। ৰাজনৈতিক বিশ্লেষকে প্ৰকাশ কৰা অনুযায়ী বাজপেয়ীহঁতে গঢ়ি যোৱা ভেটিটোৰ বাবেহে আজি মোদী অমিত শ্বাহে ভাৰতবৰ্ষত শাসনৰ বাঘজৰী ধৰিবলৈ সক্ষম হৈছে। দেশৰ ১৭ খন ৰাজ্যত আজি বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে শাসনভাৰ চলাইছে।

৪৩ বছৰীয়া এই যাত্ৰাত বিজেপিয়ে কেইবাবাৰো মুখথেকেচাও খাইছে। ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত মাত্ৰ ২ খন আসনহে লাভ কৰিছিল বিজেপি দলে। দুবাৰকৈ জোটবন্ধনেৰে ক্ষমতা দখল কৰিলেও পুৰ্ণকালীন চৰকাৰ গঠন কৰিব নোৱাৰিলে বিজেপিয়ে। বাজপেয়ীৰ নেতৃত্বত প্রথম ১৩ দিন আৰু দ্বিতীয়বাৰ ১৩ মাহৰ চৰকাৰ গঠন কৰিছিল বিজেপি দলে।

কিন্তু তাৰপিছত ২০০৮ চনৰ পৰা লেথাৰিকৈ ১০ বছৰ ক্ষমতাৰ পৰা দূৰত আছিল বিজেপি দলটো। ২০১৪ চনৰ পৰা এই ছবি সলনি হৈছে। এইবাৰ মোদীৰ লক্ষ্য হৈছে ২০২৪ চনত জয়লাভ কৰাৰ। বৃহস্পতিবাৰে প্ৰতিষ্ঠা দিৱসৰ ভাষণত এই মন্তব্যই দাঙি ধৰে বিজেপিৰ নেতৃবৃন্দই। ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোৰ পৰাই বিজেপিয়ে আৰম্ভ কৰিছে ২৪ ৰ নিৰ্বাচনী কুচকাৱাছ। সমগ্ৰ দেশৰ প্ৰায় ১০ লাখ স্থানত প্ৰতিষ্ঠা দিৱসো উদযাপন কৰিছে বিজেপি দলৰ কৰ্মীসকলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
Exit Poll ৰ ক্ষেত্ৰত সাৱধান! নিৰ্বাচন আয়োগে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা
ভাৰত

Exit Poll ৰ ক্ষেত্ৰত সাৱধান! নিৰ্বাচন আয়োগে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা

April 2, 2026
HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ
জীৱনশৈলী

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

April 2, 2026
Next Post
বিজেপিয়ে মুছলমানক সন্মান নিদিয়ে ভাৱিছিলো কিন্তু মোৰ ধাৰণা সম্পূৰ্ণ ভুলঃ পদ্মশ্ৰী ৰছিদ আহমেদ কদৰী

বিজেপিয়ে মুছলমানক সন্মান নিদিয়ে ভাৱিছিলো কিন্তু মোৰ ধাৰণা সম্পূৰ্ণ ভুলঃ পদ্মশ্ৰী ৰছিদ আহমেদ কদৰী

‘নগ্নতা যৌনতাৰ প্ৰচাৰ বন্ধ হওক’ অটিটি প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত কিছু ছবিক লৈ আপত্তি অভিনেতা ছলমান খানৰ

'নগ্নতা যৌনতাৰ প্ৰচাৰ বন্ধ হওক’ অটিটি প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত কিছু ছবিক লৈ আপত্তি অভিনেতা ছলমান খানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.