অসম লাইভ২৪ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শান্তিৰ নবেল বঁটা পোৱাৰ যোগ্যতা আছে৷ নৰৱেৰ নবেল পুৰস্কাৰ কমিটিৰ এক প্ৰতিনিধি দলে ভাৰত ভ্ৰমণলৈ আহোঁতে এই কথা প্ৰকাশ কৰিছে৷ ভাৰত ভ্ৰমণলৈ অহা প্ৰতিনিধি দলৰ ডেপুটি চিফগৰাকীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে৷ মোদীৰ প্ৰশংসাত ডেপুটি চিফগৰাকীয়ে কয়, ‘প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ সংকটৰ কালছোৱাত গুৰুত্বপূৰ্ণভাৱে হস্তক্ষেপ কৰিছে৷ ৰাছিয়াক পাৰমানৱিক অস্ত্ৰ ব্যৱহাৰ নকৰিবলৈ সতৰ্কও কৰিছে৷’
এই প্ৰসংগত ছেপ্টেম্বৰ মাহত উজবেকিস্তানৰ ছাংহাই ক’পাৰেশ্ব্যন অৰ্গেনাইজেশ্ব্যনৰ এক বৈঠকত ভ্লাডিমিৰ পুটিনৰ উদ্দেশ্যি মোদীয়ে দিয়া বিশেষ মন্তব্যক তুলি ধৰিছে ডেপুটি চিফ তোজোৱে৷ বিশেষ মন্তব্যটোত ৰুছ প্ৰেছিডেণ্টগৰাকীক মোদীয়ে কৈছিল, ‘এয়া যুদ্ধ কৰাৰ সময় নহয়৷’ এই মন্তব্যৰ আঁত ধৰিয়েই তোজোয়ে কয়, ‘ভাৰতৰ পৰা শান্তিৰ ন’বেল বঁটাৰ বাবে বহু মনোনয়ন পত্ৰ আহিছে৷ কিন্তু মোদীৰ দৰে নেতাৰ শান্তি প্ৰতিষ্ঠাৰ অসাধাৰণ দক্ষতা আছে৷ প্ৰধানমন্ত্ৰী মোদী এনে এনে এক শক্তিশালী দেশক প্ৰতিনিধিত্ব কৰি আছে যিখন দেশৰ সমগ্ৰ বিশ্বতেই বিশেষ গুৰুত্ব আছে৷ ভাৰতীয় জনসাধাৰণৰো মোদীৰ ওপৰত বিশ্বাস আছে৷ আশা কৰো ভয়াৱহ যুদ্ধৰ যতি পেলাবৰ বাবে মোদীৰ এই বিশ্বাসযোগ্য চৰিত্ৰটোৱেও যথেষ্ট সহায় কৰিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ