অসম লাইভ২৪ঃ সমুদ্ৰৰ ওপৰত ইমান বৃহৎ সেতু দেশত এয়াই প্ৰথম। দেশৰ দীৰ্ঘতম সেতু শুকুৰবাৰে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নতুন দীৰ্ঘতম সেতুখনৰ নাম দিয়া হৈছে অটল সেতু। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ীৰ নামেৰে নামকৰণ কৰা এই সেতুৰ নাম হৈছে, ‘অটলবিহাৰী বাজপেয়ী সেৱাৰী নভ সেৱা অটল সেতু’। শুকুৰবাৰে দুপৰীয়া ৩ বজাত এই সেতুৰ উদ্বোধন কৰিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৰকাৰী বিবৃত্তিত জনোৱা অনুসৰি এই সেতুৰ দৈৰ্ঘ্য হৈছে ২১.৮ কিঃমিঃ। ইয়াৰে সাগৰৰ ওপৰেৰে ১৬.৫ কিঃমিঃ আৰু অন্যান্য ৫.৫ কিঃমিঃ স্থলভাগৰ ওপৰেৰে প্ৰসাৰিত হৈ আছে এই সেতু। সমূদ্ৰৰ ওপৰত ইমান দীঘল সেতু এই দেশত এয়াই প্ৰথম।
বিবৃত্তিত লগতে কোৱা হৈছে যে, বিমানবন্দৰৰ পৰা নভি মুম্বাই আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ’বৰ বাবে এতিয়াৰে পৰা খুবেই কম সময় লাগিব। মুম্বাই বন্দৰ আৰু নভি মুম্বাই জৱাহৰলাল নেহৰু বন্দৰৰ মাজতো কম সময়ৰ ভিতৰতে যাতায়াত কৰা সম্ভৱ হ’ব। এই সেতুৰ কাৰণেই মুম্বাইৰ পৰা পুনে, গোৱা, দক্ষিণ ভাৰতৰ দূৰত্বও কিছু কমিব। ইয়াৰ ফলত পৰ্যটন উদ্যোগৰ আৰু উন্নতি হ’ব। পূৰ্বে মুম্বাইৰ পৰা নভি মুম্বাইলৈ যাবলৈ সময় লাগিছিল প্ৰায় দুঘণ্টা। মুম্বাইৰ যানজঁটে প্ৰতিসময়তে যাত্ৰীক অতিষ্ট কৰে। কিন্তু এই সেতুৰে মাত্ৰ ২০ মিনিটতেই মুম্বাইত নভি মুম্বাইত উপস্থিত হ’ব পাৰিব।
প্ৰতিদিনেই নভি মুম্বাইৰ পৰা মুম্বাইলৈ চাকৰি, পঢ়াশুনাৰ বাবে বহুসংখ্যক মানুহে অহাযোৱা কৰে। যানজঁটৰ কাৰণে বহুতে স্থলপথেৰে অহা যোৱা কৰিবলৈ টান পাইছিল। ট্ৰেনৰ ওপৰতেই ভৰসা কৰিছিল বহুজনে। অটল সেতুৱে সেই অসুবিধা দুৰ কৰিব। কেৱল সময়েই নহয় খৰচো কমিব। ইন্ধনৰ খৰচো বহু কমিব। অটল সেতুৰে অহা যোৱা কৰোতে টোল টেক্স দিব লাগিব ২৫০টকা। মহাৰাষ্ট্ৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি অটল সেতুৰ ওপৰেৰে চাৰিচকীয়া বাহনে ঘণ্টাত ১০০ কিঃমিঃ বেগত পাৰ হ’ব লাগিব। গতিবেগ ইয়াতকৈ বঢ়াব নোৱাৰিব। সেতুত উঠা আৰু নমাৰ সময়ত প্ৰতি ঘণ্টাত বেগ ৪০ কিঃমিঃ ৰাখিব লাগিব।
এই সেতুৰে মটৰচাইকেল, অটো, ট্ৰেক্টৰ চলাচল কৰিব নোৱাৰিব। বাহন, বাছ, মিনিবাছ আৰু টেক্সিহে এই সেতুৰ ওপৰেৰে চলিব পাৰিব। এই সেতু তৈয়াৰত খৰচ হৈছে ১,৭৭,৯০৩ মেট্ৰিক টন লোহা আৰু ৫,০৪, ২৫৩ মেট্রিক টন চিমেণ্ট। মহাৰাষ্ট্ৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে এই সেতু মুকলি অনুষ্ঠানত খৰচ কথাও উত্থাপন কৰিছে। এই সেতু নিৰ্মাণত ব্যয় হৈছে ১৭ হাজাৰ ৭০০ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ