গিৰ ৰাষ্ট্ৰীয় উদ্যানত প্ৰকৃতিৰ মাজত মোদী, কেমেৰাত আৱদ্ধ কৰিলে সিংহৰ ফটো
ঘন অৰণ্য, শীতল বতাহ আৰু দূৰৰ পৰা প্ৰতিধ্বনিত হোৱা সিংহৰ গৰ্জন। এই ৰোমাঞ্চকৰ পৰিৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গিৰৰ অৰণ্যত এছিয়াটিক সিংহৰ মাজত ছাফাৰীৰ অভিজ্ঞতা লাভ কৰে।
বিশ্ব বন্যপ্ৰাণী দিৱসৰ বিশেষ দিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গিৰ বন্যপ্ৰাণী অভয়াৰণ্যত জীপ ছাফাৰী উপভোগ কৰে। এই সময়ছোৱাত তেওঁৰ সৈতে একাংশ মন্ত্ৰী আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়াও উপস্থিত থাকে। এছিয়াৰ সিংহৰ একমাত্ৰ প্ৰাকৃতিক বাসস্থান গিৰ বনাঞ্চল।

গিৰ বনাঞ্চল ভাৰতৰ অন্যতম বিখ্যাত বন্যপ্ৰাণী অভয়াৰণ্য, য’ত এছিয়াটিক সিংহ সংৰক্ষণ কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে এই অৰণ্যৰ বন্যপ্ৰাণীসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি বন সংৰক্ষণৰ দিশত চলি থকা কামৰ তথ্য সংগ্ৰহ কৰে।
গিৰ জংঘল ছাফাৰীৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ‘সিংহা সদন’ নামৰ বন বিভাগৰ অতিথিশালাত নিশাটো কটায়। জংঘল ছাফাৰীৰ বাবে অহা বিশেষ অতিথিৰ বাবে নিৰ্মাণ কৰা হৈছে এই অতিথিশালা।
আজি বিশ্ব বন্যপ্ৰাণী দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজক বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে সচেতন হ’বলৈ আহ্বান জনায়। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “প্ৰতিটো জীৱৰ নিজস্ব গুৰুত্ব আছে, আমি সকলোৱে মিলি সকলো প্ৰজাতিৰ প্ৰাণীক ৰক্ষা আৰু সংৰক্ষণৰ বাবে কাম কৰিব লাগিব।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















