অসম লাইভ ২৪ঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাক লৈ সমগ্ৰতে অব্যাহত আছে চৰ্চা। শনিবাৰে তেলেংগানাৰ জোধপুৰত উপস্থিত হৈছিল ৰাহুল গান্ধীৰ দলটো। ৰাহুলক সেইদিনা দেখা গৈছিল এগৰাকী যুৱতীৰ সৈতে। সুন্দৰী যুৱতীগৰাকীৰ হাতত ধৰি খোজ দিছিল ৰাহুলে। ৰাহুলৰ সৈতে সুন্দৰী যুৱতীগৰাকীৰ ছবি এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
কোন এই সুন্দৰী বহুতেই জনাৰ আগ্ৰহো প্ৰকাশ কৰিছে। ভাৰতীয় নাৰীৰ জাতীয় সাজ-সজ্জাৰে ৰাহুলৰ খোজত-খোজ মিলাই আগবঢ়া এই সুন্দৰী যুৱতীগৰাকী হৈছে পুনম কৌৰ। এই মুহূৰ্ততে আকৌ প্ৰশ্ন হয়, কংগ্ৰেছৰ অন্য মিটিং জনসভাত পুনমক কেতিয়াবা দেখা গৈছে জানো? পুনৰ ৰাজনৈতিক নেতা নে অন্য কোনোবা? পুনম কৌৰ ৰাজনীতিৰ সৈতে জড়িত হ’লেও প্ৰকৃততে পুনম এগৰাকী অভিনেত্ৰী। টেলেগু ছবিত অভিনয় কৰাৰ লগতে পুনম এগৰাকী মডেলো। তেলেঙ্গানাত তেওঁ কংগ্ৰেছ দলৰ এগৰাকী সক্ৰিয় সদস্য হিচাপেও ওতপ্ৰোতভাৱে জড়িত হৈছে।
ৰাহুল গান্ধীৰ সৈতে হাতত হাত ধৰি যাত্ৰা কৰাৰ কাৰণো পুনমে তেওঁৰ ছচিলেয় মিডিয়াত উল্লেখ কৰিছে। পুনম আৰু ৰাহুলৰ ভাইৰেল ফটোখনক লৈ পুনমে কয়, ‘আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে নাৰী শক্তিৰ কথা কৈ থাকে। আপোনালোকে একো নজনাকৈয়ে ভুৱা প্ৰচাৰ নচলাব। ৰাহুল গান্ধীয়ে উলাহতে মোৰ হাত ধৰা নাই, মই খোজ দিওতে পিছলি গৈছিলো বাবে তেঁও ঘপককৈ হাতখন ধৰি মোক ৰক্ষাহে কৰিছিল।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ