কৰ্মস্থলীত থকা যৌন আক্ৰমণ প্ৰতিৰোধ আইন ৰাজনৈতিক দলসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়৷ সোমবাৰে সেই কথা স্পষ্টকৈ জনাই দিছে উচ্চতম ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠৰ পৰ্যবেক্ষণ, ৰাজনৈতিক দলসমূহ কোনো কৰ্মস্থল নহয়৷ ৰাজনৈতিক দলৰ সদস্যসকলক কৰ্মচাৰী বুলি ক’ব নোৱাৰি৷ আদালতে জনাইছে যে ৰাজনৈতিক দলসমূহক পছ আইনৰ আওতাত আনিব নোৱাৰিব৷
ৰাজনৈতিক দলৰ মহিলা কৰ্মীসকলক কিয় কৰ্মস্থলৰ যৌন আক্ৰমণ প্ৰতিৰোধ আইনৰ আওতাৰ বাহিৰত ৰখা হৈছে সেই বিষয়ক লৈ প্ৰশ্ন তুলি গোচৰ ৰুজু হৈছিল ছুপ্ৰিম কৰ্টত৷ গোচৰকাৰী পক্ষৰ বক্তব্য আছিল, অন্য পেছাত যুক্ত মহিলাসকলৰ বাবে যি সুবিধা আছে সেয়া ৰাজনৈতিক ক্ষেত্ৰত জড়িত মহিলাক বাদ দিয়াৰ কোনো যুক্তিসংগত কাৰণ নাই৷ এই অৱস্থাত কৰ্মক্ষেত্ৰত মহিলাসকলৰ যৌন আক্ৰমণ প্ৰতিৰোধ আইনক ৰাজনৈতিক ক্ষেত্ৰতো কাৰ্যকৰ কৰাৰ আবেদন জনাইছিল গোচৰকাৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















