বাস্তুশাস্ত্ৰত কোৱা হৈছে যে আমাৰ জীৱনত ভাল সময় অহাৰ পূৰ্বে তাৰ কিছু সংকেত পোৱা যায়৷ কাৰণ এইসমূহ ঘটনাই জীৱনত পজিটিভ এনাৰ্জি আনে৷ এইসমূহ আপোনাৰ সৈতে যি ঘটে তেন্তে বুজিব যে ভাল সময় আপোনাৰ জীৱনলৈকো আহি আছে৷ এই সকলো ঘটনাই জীৱনত সুখ সম্পদ বৃদ্ধিৰ ইংগিত দিয়ে৷ স্বয়ং মা লক্ষ্মী ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে এই সকলো ইংগিত পোৱা যায়৷ জানি থওক কোন কোন ঘটনাই জীৱনত সুখ বৃদ্ধিৰ ইংগিত দিয়ে?
চেলাউৰি নচা
কেতিয়াবা কেতিয়াবা আৰু চেলাউৰি নিজে নিজে কঁপিব ধৰে৷ বাস্তু অনুসৰি এয়া অত্যন্ত শুভ লক্ষণ৷ বিশেষকৈ পুৱা বা সন্ধিয়া চেলাউৰি নচা অত্যন্ত শুভ৷ আপোনাৰ সৈতে এইধৰণৰ ঘটনা ঘটিলে বুজিব যে মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰ্ষিত হ’ব৷
সপোনত পদুমফুল দেখা
নাৰায়ণ আৰু লক্ষ্মীৰ হাতত পদুমফুল থাকে৷ সপোনত পদুমফুল দেখাটোৱে সৌভাগ্যৰ ইংগিত দিয়ে৷ মা লক্ষ্মী স্বয়ং পদুমৰ ওপৰত আসন গ্ৰহণ কৰি থাকে৷ সপোনত পদুমফুল দেখিলে বুজিব যে প্ৰচুৰ ধন সম্পদ লাভ কৰিব আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ