নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদি মোটা ৰিটাৰ্ণ পোৱা যায়৷ এই কথা প্ৰকাশ কৰি আহিছে বিনিয়োগ বিশেষজ্ঞই৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ অৱশ্যে বিনিয়োগ বজাৰৰ সৈতে সম্পৰ্কিত৷ লাভ লোকচানৰ অংকটোও সেয়ে জৰিত হৈ থাকে৷ কিন্তু চৰকাৰি স্কিম, বণ্ড, বেংক ডিপোজিট স্কিমৰ দৰে বিনিয়োগত অৱশ্যে গেৰাণ্টিযুক্ত ৰিটাৰ্ণ পোৱা যায়৷ এই ক্ষেত্ৰত ধন হেৰুৱাৰ কথা নাই৷
বেংক ডিপোজিট স্কিমৰ কথা যদি আহে তেন্তে সকলোৰে মূৰত আহে ফিক্সড ডিপোজিটৰ প্ৰসংগ৷ বৰ্তমান বেংকসমূহে ফিক্সড ডিপোজিটত ভাল সুদ অফাৰ কৰিছে৷ এইবাৰ যদি ছিনিয়ৰ ছিটিজেনৰ কথা ধৰা হয় তেন্তে তেওঁলোকৰ ক্ষেত্ৰত সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত ফিক্সড ডিপোজিটত বেছি হয়৷ কোনোৱে ইচ্ছা কৰিলে প্ৰবীণ নাগৰিকৰ নামত ফিক্সড ডিপোজিট কৰিব পাৰে৷
কেৱল FDয়েই নহয় আপুনি RD স্কিমৰ সুবিধাও গ্ৰহণ কৰিব পাৰে৷ পোষ্ট অফিচৰ নিয়ম অনুসৰি ১২ টা কিস্তি জমা দিয়াৰ পাছত একাউণ্টত জমা হোৱা পৰিমাণৰ ৫০শতাংশ পৰ্যন্ত ঋণ ল’ব পাৰে৷ ঋণ একক বা কিস্তিত শোধ কৰা হয়৷ ঋণৰ সুদৰ হাৰ ৰেকাৰিং ডিপজিটৰ সুদৰ হাৰতকৈ ২ শতাংশ বেছি হয়৷
মোটা টকাৰ ফাণ্ড গঢ়ি তোলাৰ বাবে পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিটত প্ৰতি মাহত ৫০০০ টকাকৈ বিনিয়োগ কৰিব পাৰে৷ পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিটত প্ৰতিমাহে ৫০০০ টকাকৈ বিনিয়োগ কৰিলে ১০ বছৰত ৮.৫৮ লাখ টকাৰ ফাণ্ড গঢ়ি তুলিব পাৰে৷ পোষ্ট অফিচৰ ৰেকাৰিং ডিপজিটত প্ৰতি মাহে ৫০০০ টকাকৈ বিনিয়োগ কৰিলে ৫ বছৰৰ পাছত সুদ হিচাপে পোৱা যাব মুঠ ৩,৫৬,৮৩০ টকা৷ প’ষ্ট অফিচৰ ৰেকাৰিং ডিপ’জিটত প্ৰতি মাহে ৫০০০ টকাকৈ বিনিয়োগ কৰিলে ১০ বছৰত মুঠ ৬ লাখ টকা বিনিয়োগ কৰা হ’ব৷
পোষ্ট অফিচৰ ৰেকাৰিং ডিপ’জিটত প্ৰতিমাহে ৫০০০ টকাকৈ বিনিয়োগ কৰিলে ১০ বছৰ পাছত সুদ হিচাপে পোৱা যাব মুঠ ২,৫৪,২৭২ টকা৷ প’ষ্ট অফিচৰ ৰেকাৰিং ডিপ’জিটত প্ৰতিমাহে ৫০০০ টকাকৈ বিনিয়োগ কৰিব লাগিব৷ ১০ বছৰত তেতিয়া আপুনি মুঠ ৮,৫৪,২৭২ টকা পোৱা যাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ