নিৰাপদ বিনিয়োগৰ কথা আহিলেই বহুতেই প্ৰথমে পছন্দ কৰে পোষ্ট অফিচ ফিক্সড ডিপোজিট৷ ধন হেৰুৱাৰ ভয় নাই আৰু নিশ্চিত ৰিটাৰ্ণ সেই কাৰণেই মধ্যবিত্ত আৰু ছিনিয়ৰ চিটিজেনসকলৰ ওচৰত এই প্ৰকল্প বেছ জনপ্ৰিয়৷ যদি আপুনি এবছৰৰ বাবে পোষ্ট অফিচত ২৫ হাজাৰ টকা FD কৰে সেইক্ষেত্ৰত কিমান টকা ৰিটাৰ্ণ পাব পাৰে?

পোষ্ট অফিচত ফিক্সড ডিপোজিট কি?

পোষ্ট অফিচৰ ফিক্সড ডিপোজিট বা টাইম ডিপোজিট এক চৰকাৰী সঞ্চয় প্ৰকল্প৷ ইয়াত ১ বছৰ, ২ বছৰ, ৩ বছৰ আৰু ৫ বছৰৰ বাবে ধন জমা ৰখা হয়৷ এবছৰৰ পাছত ম্যাদ পূৰ্ণ হ’লে মূল টকা আৰু সুদ একেলগে পোৱা যায়৷ ১ বছৰৰ বাবে পোষ্ট অফিচ FD ত সুদৰ হাৰ বৰ্তমান পোষ্ট অফিচত ১ বছৰৰ টাইম ডিপোজিটত সুদৰ হাৰ ধৰা হয় আনুমানিক ৬.৯শতাংশ৷ ২৫০০০ টকা ১ বছৰৰ বাবে ৰাখিলে এই ধনৰ বিপৰীতে সুদ পাব ৬.৯শতাংশ৷ অৰ্থাৎ ২৫,০০০ টকা × ৬.৯% = ১,৭২৫ আনুমানিক৷ ম্যাদৰ শেষত মুঠ প্ৰাপ্য টকা ২৫,০০০ টকা + ১,৭২৫ টকা = ২৬,৭২৫ টকা৷ অৰ্থাৎ এবছৰৰ শেষত আপুনি প্ৰায় ১৭২৫ টকা লাভ পাব৷